/asomiyapratidin/media/media_files/2026/01/17/new-ap-web-9-2026-01-17-15-23-12.jpg)
ডিজিটেল সংবাদ,জামুগুৰিহাটঃ জামুগুৰিহাটৰ ধলাইবিল-চৈবাৰীৰ জ্যোতি-বিষ্ণু সমন্বয় ক্ষেত্ৰত অহা ৬,৭আৰু ৮ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক ৰাজ্যিক অধিৱেশন ৷
অধিৱেশনলৈ হাতত ২০ টা দিন বাকী থকা অৱস্থাত জ্যোতি- বিষ্ণু সমন্বয় ক্ষেত্ৰত যুদ্ধকালীনভাৱে চলিছে প্ৰস্তুতিৰ সকলো কাম-কাজ। সংঘৰ সেৱা বাহিনীৰ সদস্য সকলেও ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লাখ লাখ ভকত বৈষ্ণৱক আদৰিবৰ বাবে প্ৰস্তুত হৈ আশ্ৰয় শিবিৰ নিৰ্মাণৰ কামত দিনে নিশাই ব্যস্ত হৈ পৰিছে ৷
/asomiyapratidin/media/post_attachments/47a75b64-026.png)
অধিৱেশনস্থলীত স্থাপন কৰা অস্থায়ী নামঘৰত প্ৰতিষ্ঠাৰ বাৱে তেজপুৰ জিলা নামঘৰৰ পৰা কঢ়িয়াই অনা গুৰু আসনভাগ আজি পুৱাই ধৰ্মীয় ৰীতি-নীতি তথা হৰিনাম ধ্বনিৰে ভক্তপ্ৰাণ ৰাইজে প্ৰতিষ্ঠা কৰে ৷ গুৰু আসন প্ৰতিষ্ঠা কাৰ্যত কেইবা শতাধিক ভক্তপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰে ৷ গুৰু আসন প্ৰতিষ্ঠাৰ পাছতেই খোল প্ৰসংগ নাম প্ৰসংগ অনুষ্ঠিত হয় অধিৱেশনস্থলীৰ অস্থায়ী নামঘৰত৷
/asomiyapratidin/media/post_attachments/6a4eda5b-60e.png)
সম্প্ৰতি হৰি নামেৰে মুখৰিত হোৱা জ্যোতি- বিষ্ণু সমন্বয় ক্ষেত্ৰ দ্বিতীয় বৈকুণ্ঠ নগৰিত পৰিণত হৈছে ৷ আনহাতে পূৱা-গধুলি অধিৱেশনস্থলীৰ সকলো কামকাজ পৰ্যবেক্ষণ তথা তদাৰক কৰিছে নদুৱাৰ সমষ্টিৰ বিধায়ক তথা আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি পদ্ম হাজৰিকাই ৷ জানুৱাৰী মাহৰ ভিতৰতে অধিৱেশনৰ সকলো কাম কাজ সম্পূৰ্ণ হ'ব বুলি জনাইছে বিধায়কগৰাকীয়ে ৷
/asomiyapratidin/media/post_attachments/91d015c3-391.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us