পুনৰ বহিঃৰাজ্যত সন্ধানহীন অসমৰ যুৱক

ইটাখোলা আৰক্ষী চকীত স্বামী ওচমান আলিৰ  নিৰুদ্দেশ সম্পৰ্কীয় এজাহাৰ দাখিল কৰে যদিও আজিলৈকে আৰক্ষীয়ে ওচমান আলিৰ কোনো সন্ধান লাভ কৰা নাই

author-image
Asomiya Pratidin
New Update
3

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ চতিয়াৰ ইটাখোলা আৰক্ষী চকী এলেকাৰ বালিডোঙা গাঁৱৰ এজন যুৱক পাঁচ মাহ পূৰ্ব্বে বহিঃৰাজ্যত কৰ্ম সংস্থাপনৰ বাবে গৈ  নিৰুদ্দেশ হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ বালিডোঙা গাঁওখনৰ 'ৰমিজা বেগম' নামৰ মহিলাগৰাকীৰ স্বামী তিনিটা সন্তানৰ পিতৃ 'ওচমান আলি' পাঁচ মাহ পূৰ্ব্বে পৰিয়ালৰ দায়িত্বৰ তাগিদাত কৰ্ম সংস্থাপন বিছাৰি গৈছিল বহিঃৰাজ্য কেৰালালৈ। 

উল্লেখ্য যে তাত গৈ পোৱাৰ পিছত ফোন যোগে পত্নীৰ সৈতে কথাবতৰা পাতিছিল যদিও পিছত ফোন অফ হৈ থকাত চিন্তিত হৈ পৰে পত্নী ৰমিজা বেগম ৷ উপায়হীন হৈ পত্নীয়ে  ইটাখোলা আৰক্ষী চকীত স্বামী ওচমান আলিৰ  নিৰুদ্দেশ সম্পৰ্কীয় এজাহাৰ দাখিল কৰে যদিও আজিলৈকে আৰক্ষীয়ে ওচমান আলিৰ কোনো সন্ধান লাভ কৰা নাই ৷ 

WhatsApp Image 2025-11-28 at 3.32.41 PM

তাৰোপৰি অসহায় মহিলাগৰাকীয়ে সন্তানৰ সৈতে অধিক চিন্তিত হৈ পৰিছে। ইপিনে পৰিয়ালটোৱে চৰকাৰৰ প্ৰতি সহায়ৰ হাত মেলিছে ৷ লগতে কোনো সদাশয় লোকে ওচমান আলিৰ সন্ধান পালে ৯৩৬৫৫৪৫৯৭৫ নম্বৰত যোগাযোগ কৰিবলৈ পত্নী আৰু পৰিয়ালৰ লোকে  আহ্বান জনাইছে। 

যুৱক নিৰুদ্দেশ