/asomiyapratidin/media/media_files/2025/11/17/new-ap-web-3-4-2025-11-17-13-23-59.jpg)
ডিজিটেল সংবাদ,জামুগুৰিহাটঃ জামুগুৰিহাটৰ গটাইমাৰী গাঁৱৰ এগৰাকী কিশোৰ বিগত প্ৰায় এঘাৰ মাহ ধৰি নিৰূদ্দেশ হৈ পৰাত অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি ৷ জামুগুৰিহাটৰ গটাইমাৰী গাঁৱৰ নবী হুছেইন আৰু হাছনাৰা বেগমৰ একমাত্ৰ পুত্ৰ আজমল ইছলাম নিৰুদ্দেশ হোৱাত চিন্তিত পৰিয়াল বৰ্গ।
উল্লেখ্য যে অতি দৰিদ্ৰ পৰিয়ালৰ কিশোৰগৰাকী নিৰুদ্দেশ হৈ পৰাত শোকত ভাঙি পৰিছে পৰিয়ালবৰ্গ । জানিব পৰা মতে, আজমল ইছলাম এঘাৰ মাহ পূৰ্ব্বে ঘৰৰ পৰা ওলাই গৈছিল জামুগুৰিহাটৰ সাপ্তাহিক বজাৰলৈ ৷ কিন্তু কিশোৰজন আজি পৰ্যন্ত ঘৰলৈ উভতি নহাত চিন্তিত হৈ পৰিছে কিশোৰগৰাকীৰ মাতৃৰ লগতে পৰিয়ালৰ লোক ।
তাৰোপৰি কিশোৰগৰাকীৰ বন্ধু বৰ্গৰ লগতে আত্মীয়ৰ ঘৰত খৱৰ কৰিও কোনো সন্ধান লাভ নকৰিলে আজমল ইছলামৰ । এতিয়া উপায়হীন হৈ মাতৃয়ে জামুগুৰি আৰক্ষী থানাত পুত্ৰৰ নিৰূদ্দেশ সম্পৰ্কীয় এজাহাৰ দাখিল কৰে।
আনফালে,কোনো সদাশয় লোকে যদি আজমল ইছলামৰ কোনো সম্ভেদ লাভ কৰে তেন্তে ৭০৮৬৩৩১৩৩৩৫ নম্বৰত যোগাযোগ কৰিবলৈ আহৱান জনাইছে পৰিয়ালবৰ্গই ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us