এহেজাৰ হেংদাং লৈ লাচিত দিৱস উদযাপনৰ প্ৰস্তুতি

নদুৱাৰ সমষ্টিৰ এহেজাৰ সুঠাম অসমীয়া যুৱকে ২৪ তাৰিখে এহেজাৰ হেংদাং হাতত লৈ লাচিতৰ ৰূপত প্ৰতিকী নাওত উঠি চতিয়াৰ পৰা জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত পকামুৰা পথাৰলৈ শোভাযাত্ৰা কৰিব ৷

author-image
Asomiya Pratidin
New Update
new ap web 1 (32)

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ অসমীয়া মানুহৰ সৌৰ্য্য বীৰ্য্যৰ চানেকি বীৰ লাচিত বৰফুকনৰ স্মৃতি দিৱসটি এইবাৰ অসম বুক অৱ ৰেকৰ্ড  কৰাৰ উদ্দেশ্যৰে জামুগুৰিহাটত উদযাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ চতিয়াৰ উদ্যমি যুৱ ব্যৱসায়ী নিৰজ নিশিম হাজৰিকাৰ একক উদ্যোগ আৰু ৰাইজৰ সহযোগত উদযাপিত কৰা হব এই লাচিত দিৱস ৷

মঙলবাৰে এক সংবাদমেলৰ জৰিয়তে যুৱ ব্যৱসায়ী নিৰজ নিশিম হাজৰিকাই  কয়, লাচিতৰ হেংদাঙ অসমীয়াৰ পৰাক্ৰমৰ  প্ৰতীক আৰু শক্তিৰ প্ৰতীক ৷ নদুৱাৰ সমষ্টিৰ এহেজাৰ সুঠাম অসমীয়া যুৱকে ২৪ তাৰিখে এহেজাৰ হেংদাং হাতত লৈ লাচিতৰ ৰূপত প্ৰতিকী নাওত উঠি চতিয়াৰ পৰা জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত পকামুৰা পথাৰলৈ শোভাযাত্ৰা কৰিব ৷

এই উদ্যেশ্যৰে এহেজাৰখন হেংদাং আৰু বিশাল আকৃতিৰ এখন নাও তৈয়াৰ কৰা হৈছে ৷ নদুৱাৰ সমষ্টিৰ এহেজাৰ সুঠাম যুৱকে এই হেংদাঙ লৈ লাচিতৰ বেশত দহ সহস্ৰাধিক ৰাইজক লগত লৈ  প্ৰায় ১৬ কিলোমিটাৰ পথ প্ৰতিকী নাওৰে শোভাযাত্ৰা কৰিব চতিয়াৰ পৰা জামুগুৰিহাটলৈ  ৷

এই কাৰ্যসূচীত টাই আহোম জাতীয় পৰিষদ আৰু  আহোম জাতীয় মহাসভাৰ সদস্য সকলেও অংশগ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে উদ্যমি যুৱক নিৰজনিশিম হাজৰিকাই ৷ উল্লেখ্য যে, নিৰজনিশিম হাজৰিকা নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ একমাত্ৰ পুত্ৰ ৷

লাচিত দিৱস