এৰা দিকৰাই গাঁৱৰ কৰ্মজিত টায়ুঙৰ সফলতা...

জামুগুৰিহাটৰ‌ উত্তৰ অঞ্চলৰ এৰা দিকৰাই গাঁৱৰ দৰিদ্ৰ পৰিয়ালৰ বিবাহিত যুৱক কৰ্মজিত টায়ুঙে সদ্যঘোষিত অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাত সফলতা অৰ্জন কৰিছে

author-image
Asomiya Pratidin
New Update
493

ডিজিটেল সংবাদ, জামুগুৰিহাট : জামুগুৰিহাটৰ‌ উত্তৰ অঞ্চলৰ এৰা দিকৰাই গাঁৱৰ দৰিদ্ৰ পৰিয়ালৰ বিবাহিত যুৱক কৰ্মজিত টায়ুঙে সদ্যঘোষিত অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাত সফলতা অৰ্জন কৰিছে ৷ বিবাহিত হোৱাৰ পাছতো নিজৰ সপোন পূৰাবলৈ প্ৰায় আঠ বছৰ ধৰি বিভিন্ন ধৰণৰ পৰীক্ষা দি সফল হোৱা নাছিল যদিও এই বাৰ অসম আৰক্ষীৰ এ বি কনিষ্টবল পদত নিযুক্তি লাভৰে সফলতা অৰ্জ্জন কৰিবলৈ সক্ষম হৈছে।

এই সফলতাৰ আঁৰত থকা তেওঁৰ পত্নী কবিতা টায়েঙে ঘৰে ঘৰে গৈ কাপোৰ বিক্ৰি কৰি বহুকষ্টৰে ধন উপাৰ্জন কৰি স্বামীক পৰীক্ষা দিয়াৰ ক্ষেত্ৰত সহায় কৰিছিল। দৰিদ্ৰ পৰিয়ালৰ বিবাহিত যুৱক কৰ্মজিত টায়ুঙে অসম আৰক্ষীৰ AB constable পদত  নিযুক্ত হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনাৰ বাবে গাঁওবাসী অভিনন্দন ও আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে।

নৱনিযুক্ত আৰক্ষী জোৱান কৰ্মজিত টায়ুঙে দিন হাজিৰা কৰাৰ লগতে গাহৰি পালন, গো পালন কৰিও নিজৰ পৰিয়াল পোহপাল দিছিল । বৰ্তমান এই সফলতাৰ জৰিয়তে পত্নীও পৰিয়ালৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে কৰ্মজিতে ।

সম্পূৰ্ণ স্বচ্ছ আৰু নিকাভাৱে নিযুক্তি লাভ কৰিবলৈ পাই কৰ্মজিত টায়ুং আৰু পত্নীৰ লগতে পৰিয়ালবৰ্গই  মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰক ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন কৰিছে । স্থানীয় ৰাইজেও অঞ্চলটোলৈ গৌৰব কঢ়িয়াই অনাৰ বাবে নৱনিযুক্ত আৰক্ষী জোৱানজনক অভিনন্দন ও আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে।

jamugurihat