/asomiyapratidin/media/media_files/2025/10/11/hgdhygsytds-2025-10-11-15-48-30.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ ৰঙাচকুৱাৰ দক্ষিণ চাৰিপুখুৰীৰ শ্ৰীনাৰায়ণ সমন্বয় ক্ষেত্ৰত উত্তৰ জামুগুৰি কেন্দ্ৰীয় হৰিকীৰ্ত্তন সমিতিৰ উদ্যোগত, অচ্যুত পুনৰ জন্ম কীৰ্ত্তন সংঘৰ লগতে ৰমা মহিলা কীৰ্ত্তন সংঘ আতিথ্যত ৬৭তম অখণ্ড হৰি কীৰ্ত্তনৰ আয়োজন কৰা হৈছে ৷
এই উপলক্ষে শনিবাৰে পুৱা মাংগলিক নীতি নিয়মৰে লাই খুটা স্থাপন কৰা হয়। অহা ৩১ অক্টোবৰৰ পৰা তিনি দিনীয়া কাৰ্য্যসুচীৰে অনুষ্ঠিত হব লগা এই অহোৰাত্ৰ অখণ্ড হৰি কীৰ্ত্তনত ১২৪ টাকৈ সংঘৰ দলে অংশগ্ৰহণ কৰি হৰে কৃষ্ণ হৰে ৰাম ধ্বনিৰে আকাশ-বতাহ কঁপাই তুলিব।
ইফালে, অহোৰাত্ৰ অখণ্ড হৰিকীৰ্ত্তন মহোৎসৱ ভাগ সৰ্ব্বাতোপ্ৰকাৰে সাফল্যমণ্ডিত কৰি তোলাৰ ক্ষেত্ৰত সকলো ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে উদ্যোক্তা সকলে৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us