/asomiyapratidin/media/media_files/2025/10/23/ffdf-2025-10-23-09-50-20.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ টুপিয়া পাচঁগাও ক্ৰীড়া সংস্থাৰ উদ্যোগত টুপিয়া ষ্টেডিয়ামত চলি থকা ৩৩ তম স্বৰ্গীয় চিদানন্দ বৰা আৰু অবনী প্ৰসাদ বৰা সোঁৱৰণী ৰাজ্যিক ভিত্তিক ট্ৰফী আৰু প্ৰাইজমানী নৈশ ফুটৱল খেল প্ৰতিযোগিতা খনিৰ অন্তিমখন ছেমিফাইনেল খেল বুধবাৰে নিশা অনুষ্ঠিত হৈ যায়।
ৰাজ্যখনৰ আগশাৰীৰ ফুটবল দল কাৰ্বি আংলং জিলাৰ কাছা কচিং চেন্টাৰ ফুটৱল একাদশ আৰু যোৰহাট টাউন ক্লাৱ ফুটৱল দলৰ মাজত নিশা ৭-৩০ বজাৰ পৰা আৰম্ভ হোৱা তীব্ৰ উত্তেজনাপূৰ্ণ ছেমিফাইনেল খেলখনত দুয়োটা দলৰ খেলুৱৈ সকলে দুই ভৰিৰ যাদুৰে উন্নত খেল প্ৰদৰ্শন কৰি হেজাৰ হেজাৰ দৰ্শক ৰাইজক সন্তুষ্টি প্ৰদান কৰে। এই খেলখনত অৱশেষত যোৰহাট টাউনক্লাৱ ফুটৱল দলে ১-০ গলৰ ব্যৱধানত জয় লাভ কৰিবলৈ সক্ষম হয়৷
ক্ৰীড়া সংস্থাৰ সভাপতি নিতুমনি বৰাই জানিবলৈ দিয়া অনিসৰি বৃহস্পতিবাৰে নিশা একে সময়তে অনুষ্ঠিত হবলগা অন্যতম আকৰ্ষণীয় চূড়ান্ত তথা ফাইনেল খেলখন খেলিব ৰাজ্যখনৰ দুটাকৈ আগশাৰীৰ ফুটৱল দল ডিমাকুচিৰ জয়জোহাৰ ফুটবল ক্লাব আৰু যোৰহাট টাউন ক্লাৱ ফুটৱল দলে ৷ প্ৰতিযোগিতাৰ আজিৰ ফাইনেল খেলখনত সকলো শ্ৰেণীৰ দৰ্শক ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে টুপিয়া পাঁচগাঁও ক্ৰীড়া সংস্থাৰ সভাপতি সম্পাদক প্ৰমুখ্যে বিষয়ববীয়া সকলে৷