জামুগুৰিহাটত যুৱকক দলবদ্ধ আক্ৰমণ

জামুগুৰিহাটৰ বগাকুৰা নিবাসী জয়ন্ত বৰাৰ বাসগৃহত ৰঙৰ কাম কৰিবলৈ নিদিয়াৰ বাৱেই তিনি যুৱকে পথৰ দাঁতিত ৰৈ থাকি ৰদৰে আক্ৰমণ কৰি ধৰাশায়ী কৰে জয়ন্ত বৰাক৷ 

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ জামুগুৰিহাটৰ ধলাইবিলত জয়ন্ত বৰা নামৰ এজন যুৱকক ইদুল আলি,ৰোহিত আলি আৰু আনিচুৰ আলি নামৰ তিনিজন যুৱকে দলবদ্ধভাৱে আক্ৰমণ কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ জামুগুৰিহাটৰ বগাকুৰা নিবাসী জয়ন্ত বৰাৰ বাসগৃহত ৰঙৰ কাম কৰিবলৈ নিদিয়াৰ বাৱেই তিনি যুৱকে পথৰ দাঁতিত ৰৈ থাকি ৰদৰে আক্ৰমণ কৰি ধৰাশায়ী কৰে জয়ন্ত বৰাক৷ 

5792c731-1b3e-4ffc-80a8-608cc8dc3800

ইতিমধ্যে ঘটনাস্থলীত জামুগুৰি আৰক্ষী উপস্থিত হৈ তিনি যুৱকক আটক কৰে ৷ স্থানীয় ৰাইজে  ড্ৰাগছ আসক্ত তথা চোৰ প্ৰবৃত্তিত জড়িত আক্ৰমণকাৰী তিনি যুৱকৰ ওপৰত  উপযুক্ত শাস্তি বিহাৰ বাবে দাবী উত্থাপন কৰে। 

জামুগুৰিহাট