/asomiyapratidin/media/media_files/2025/11/17/whatsapp-image-2025-11-17-15-47-43.jpeg)
ডিজিটেল সংবাদ, জামুগুৰিহাটঃ ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাইছে হস্তী মানৱৰ সংঘাত ৷ ৰঙাপৰাত বিচৰণ কৰিছে বন্যহস্তীৰ কেইবাটাও বৃহৎ জাকে ৷
উল্লেখ্য যে, দিনৰ ভাগত বাগিচা অঞ্চলত বিচৰণ কৰি থকা বন্যহস্তীৰ জাক সমূহে সন্ধিয়া হোৱাৰ লগে লগে ওলাই আহে জনবসতিপূৰ্ণ অঞ্চল সমূহলৈ ৷ নিশাৰ ভাগত যদি সাৱধান নহ’য় তেন্তে বন্যহস্তীৰ আক্ৰমণৰ বলি হ'ব লগীয়া হোৱাৰো আশংকা কৰিছে।
আনফালে সন্ধিয়া হোৱাৰ লগে লগে খাদ্যৰ সন্ধানত বন্যহস্তীৰ জাক সমূহে পথ আতিক্ৰম কৰে ৷ এই দৃশ্য ৰঙাপৰা-বিন্দুকুৰি সংযোগী পথৰ চেঁচা চাহ বাগিচাৰ সন্মুখৰ ৷
তাৰোপৰি বন্যহস্তীৰ জাকটো অতিক্ৰম কৰা সময়ত পথৰ দুয়োকাষে আৱদ্ধ হৈ পৰিছে শ শ যানবাহন ৷ যদি আপুনি সাৱধান ন’হয় যিকোনো সময়ত বন্যহস্তীৰ আক্ৰমণত আপোনাৰ প্ৰাণ হেৰুৱাবলগীয়াৰো আশংকা কৰিছে ৷ বন বিভাগে বন্যহস্তীৰ জাক সমূহ পুনৰ বনাঞ্চললৈ খেদি পঠোৱাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে যদিও সফল হোৱা নাই ৷ এই ক্ষেত্ৰত বন-বিভাগক বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us