/asomiyapratidin/media/media_files/2025/11/12/3-2025-11-12-11-45-32.jpg)
ডিজিটেল সংবাদ,জামুগুৰিহাটঃ ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজন এলেকাৰ পৰা খাদ্যৰ সন্ধানত নিশাৰ ভাগত ওলাই অহা বন্যহস্তীৰজাকে বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰি কৃষক ৰাইজৰ ধাননী পথাৰৰ পকা ধান খাই তহিলং কৰে৷
উল্লেখ্য যে মঙলবাৰে নিশাও বনাঞ্চলৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ জাকে জামুগুৰিহাটৰ পানপুৰ, বিষ্ণুপুৰ,হকমাকে ধৰি কেইবাখনো গাঁৱত উপদ্ৰৱ চলায়।বনৰীয়া হাতীৰ জাকটোৱে কৃষক ৰাইজৰ ধাননি পথাৰত সোমাই ধানখেতি তহিলং কৰাৰ লগতে গৃহস্থৰ বাৰীৰ কলগছ ভাঙি খাই অনিষ্টও কৰে।
নিতৌ সন্ধ্যা হোৱাৰ লগে লগে এই অঞ্চলৰ গাঁও সমূহত প্ৰৱেশ কৰে বনাঞ্চলৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ জাকটোৱে ।অঞ্চলটোত বনৰীয়া হাতী উপদ্ৰৱ ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰৰ বনবিভাগে কোনো ধৰণ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। বহুবাৰ কোৱাৰ পিছতো যেন কোনো গুৰুত্ব আৰোপ কৰা নাই বিভাগীয় কৰ্তৃপক্ষই।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us