জামুগুৰি বিদ্যুৎ উপসংমণ্ডল কাৰ্যালয়ৰ কৰ্মজ্ঞানহীন কাৰ্য...

বিপদজনক অৱস্থাত থকা এই বৈদ্যুতিক তাঁৰত লাগি সৰু সৰু লৰা-ছোৱালীৰ লগতে পশুধনৰ মৃত্যু ঘটাতো নিশ্চিত বুলি মন্তব্য কৰিছে স্থানীয় ৰাইজে ৷

author-image
Asomiya Pratidin
New Update
vdsfgsdfds

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ শোণিতপুৰৰ জামুগুৰি বিদ্যুৎ উপসংমণ্ডল কাৰ্য্যালয়ৰ কৰ্মকাণ্ডই নিতৌ ৰাইজক ত্ৰাহিমধুসূদন সোঁৱৰাই আহিছে ৷ বিভাগটোৰ বিষয়া কৰ্মচাৰীৰ জ্ঞানহীন কৰ্মকাণ্ডই এতিয়া সৰ্বসাধাৰণ ৰাইজক বিপদত পেলোৱা পৰিলক্ষিত হৈছে ৷

জামুগুৰিহাটৰ ধলাইবিলৰ ৰাজহুৱা স্মশানলৈ যোৱা পথত দেখিবলৈ পোৱা গৈছে ভয়ংকৰ দৃশ্য ৷ পথটোত আজিৰ পৰা প্ৰায় একমাহৰ পূৰ্বেই বৈদ্যুতিক সৰবৰাহী তাঁৰত গছ পৰি বিপদজনক পৰিৱেশ সৃষ্টি কৰাই নহয় ,পকাৰ বিদ্যুৎ খুটাও ভাগি পৰি আছে ৷ এই সন্ধৰ্ভত স্থানীয় ৰাইজে বিভাগীয় কতৃপক্ষক বহুৱাৰ অবগত কৰে যদিও এই পৰ্য্যন্ত বিভাগটোৰ বিষয়া কৰ্ম্মচাৰী সকলে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে ৷  

বিপদজনক অৱস্থাত থকা এই বৈদ্যুতিক তাঁৰত লাগি সৰু সৰু লৰা-ছোৱালীৰ লগতে পশুধনৰ মৃত্যু ঘটাতো নিশ্চিত বুলি মন্তব্য কৰিছে স্থানীয় ৰাইজে ৷ ৰাইজে শীঘ্ৰে বিদ্যুৎ বিভাগক এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ পুনৰ দাবী তুলিছে ৷ 

জামুগুৰিহাট