/asomiyapratidin/media/media_files/2026/01/05/1-2026-01-05-16-18-44.jpg)
ডিজিটেল সংবাদ,জামুগুৰিহাটঃ মাজত আৰু কেইটামান মাহ বাকী ৷ কিয়নো সমাগত ২০২৬ ৰ বিধানসভা নিৰ্বাচন ৷ আগন্তুক নিৰ্বাচনৰ বাবে সাজু হৈছে ৰাজ্যৰ ৰাজনৈতিক দল-সংগঠনমূহ ৷ সকলো দলেই আৰম্ভ কৰিছে নিৰ্বাচনী ৰণকৌশল প্ৰস্তুত কৰাত ৷
/asomiyapratidin/media/post_attachments/78db93b6-394.png)
বাদ পৰি ৰোৱা নাই শাসকীয় বিজেপি দলো ৷ বিধানসভা নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধি থিয় হৈছে ৰাজ্যিক বিজেপি। ইপিনে বিজেপি দলে আৰম্ভ কৰিছে দেৱাল লিখন কাৰ্যসূচী ৷ আজি পূৱা জামুগুৰিহাটৰ দেৱালত বিজেপিৰ প্ৰতীক অংকন কৰি এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ৷
/asomiyapratidin/media/post_attachments/6a49952d-6cf.png)
উল্লেখ্য যে, দেৱালত পদুম ফুল অংকন কৰি বিধায়কগৰাকীয়ে মন্তব্য কৰে যে- আগন্তুক নিৰ্বাচনত এইবাৰ কংগ্ৰেছ বিসৰ্জন হ'ব ৷ বিজেপিৰ উন্নয়নত কংগ্ৰেছে ত্ৰাহিমধুসূদন দেখিছে ৷ সৰ্বসাধাৰণ ৰাইজ এতিয়া কংগ্ৰেছৰ পক্ষত নাই ৷ কংগ্ৰেছৰ বাকীফাকী ৰাজনীতিৰ বেলি মাৰ গ'ল ৷ এইবাৰ আমি অভিলেখ সংখ্যক আসন লৈ দিছপুৰলৈ যাত্ৰা কৰিম৷ বিধায়কগৰাকীয়ে এই কাৰ্যসূচীৰ জৰিয়তেই নিৰ্বাচনী ৰণদংকা বজোৱা বুলিও মন্তব্য কৰে ৷
/asomiyapratidin/media/post_attachments/70501ed1-a7c.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us