বাপুজী ভৱন নাট্য সমাজৰ মহাৰজত জয়ন্তীৰ শুভাৰম্ভ

বাঁপুজী ভৱন নাট্য সমাজৰ মহাৰজত জয়ন্তী ভাগ বৰ্ষজোৰা কাৰ্যসূচীৰ প্ৰথম পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰা হয়। 

author-image
Asomiya Pratidin
New Update
new ap web 6 (9)

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ  জামুগুৰিহাটৰ একাংশ পুৰুধা ব্যক্তিৰ আশাশুধীয়া প্ৰচেষ্টাত ১৯৫০ চনৰ এটি শুভ ক্ষণত জন্ম লাভ কৰা বাপুজী ভৱন নাট্য সমাজে সম্প্ৰতি ৭৫ বছৰ স্পৰ্শ কৰে। সেই উপলক্ষে বাঁপুজী ভৱন নাট্য সমাজৰ মহাৰজত জয়ন্তী ভাগ বৰ্ষজোৰা কাৰ্যসূচীৰ প্ৰথম পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰা হয়। 

উল্লেখ্য যে, দেওবাৰে নিশা অনুষ্ঠিত হয় পুৰ্নাংগ নাট "ভালপোৱাৰ দিকচৌ বাট"।  বাঁপুজী ভৱন নাট্য সমাজৰ মঞ্চত সন্ধিয়া ৭বজাৰ পৰা মঞ্চস্থ হোৱা অসমৰ স্বনামধন্য নাট্যকাৰ প্ৰয়াত দীপক গগৈৰ ৰচিত "ভালপোৱাৰ দিকচৌ বাট"নাটৰ পৰিচালক হিচাপে আছিল জামুগুৰিহাটৰ শিল্পী, সমাজকৰ্মী শৈলেন বৰকটকী আৰু মনজ্যোতি হাজৰিকা। 

জামুগুৰিহাটৰ অভিনয় অনুৰাগী এচাম যুৱক-যুৱতীৰ দ্বাৰা সুন্দৰ ভাৱে অভিনীত"ভালপোৱাৰ দিকচৌ বাট" নাট ভাগ উপভোগ কৰিলে বাপুজী ভৱন নাট্য সমাজৰ পূৰ্ণ প্ৰেক্ষাগৃহৰ দৰ্শকে। উল্লেখ্য যে অহা ২০২৬ৰ নবেম্বৰ মাহত বাপুজী ভৱন নাট্য সমাজৰ মহাৰজত জয়ন্তী বৰ্ষৰ মুল কাৰ্যসূচী অনুষ্ঠিত হ'ব।

জামুগুৰিহাট