জামুগুৰিহাটৰ বাওঁপন্থী নেত্ৰী দিপ্তী বৰাৰ দেহাৱসান

নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ শোণিতপুৰ জিলাৰ সভানেত্ৰী তথা ৰাজ্যিক কমিটিৰ কাৰ্য্যনিৰ্বাহক সদস্যা শোণিপুৰ জিলাৰ জামুগুৰিহাটৰ টুপিয়াৰ নিবাসী দিপ্তী বৰাৰ বুধবাৰে নিশা নিজ বাসগৃহত দেহাৱসান ঘটে৷

author-image
Asomiya Pratidin
New Update
wdewrer4

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ শোণিতপুৰ জিলাৰ সভানেত্ৰী তথা ৰাজ্যিক কমিটিৰ কাৰ্য্যনিৰ্বাহক সদস্যা শোণিপুৰ জিলাৰ জামুগুৰিহাটৰ টুপিয়াৰ নিবাসী দিপ্তী বৰাৰ বুধবাৰে নিশা নিজ বাসগৃহত দেহাৱসান ঘটে৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৪ বছৰ।

নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ অসমক প্ৰতিনিধিত্ব কৰি তামিলনাডু, দিল্লী, কলিকতাকে ধৰি ভাৰতৰ বিভিন্ন ৰাজ্যত অনুষ্ঠিত হোৱা বহুকেইখন অভিবৰ্তনত অংশগ্ৰহণ কৰিছিল বাওপন্থী নেত্ৰী গৰাকীয়ে ৷ অসমৰ বিশিষ্ট লেখক তথা প্ৰতিষ্ঠিত সাংবাদিক নিত্য বৰাৰ জেষ্ঠ ভগ্নী দিপ্তী বৰাৰ মৃত্যুৰ বাতৰি বিয়পাৰ লগে লগে বৃহস্পতিবাৰে পুৱা অগণন গুণমুগ্ধই ভিৰ কৰে বাসভৱন৷ 

ইফালে, জামুগুৰিহাটৰ কুৰিৰো অধিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা বাসগৃহত উপস্থিত হৈ বৰ্ষীয়ান সমাজকৰ্মী গৰাকীৰ নস্বৰদেহত অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ একনিষ্ঠ শংকৰী সাধক দিপ্তী বৰা মৃত্যুৰ পূৰ্বে শোণিতপুৰ জিলাখনৰ লগতে জামুগুৰিহাটৰ বিভিন্ন শৈক্ষিক, সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠানৰ সৈতে ওতঃপ্ৰেতভাৱে জড়িত আছিল ৷ পিছত বাসভৱন চৌহদতে বাওপন্থী নেত্ৰী গৰাকীৰ শেষকৃত সম্পন্ন কৰা হয়৷

জামুগুৰিহাট