/asomiyapratidin/media/media_files/2025/12/26/1-2025-12-26-11-01-59.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাটঃ বৃহস্পতিবাৰে নিশা জামুগুৰিহাটৰ বাৰেচহৰীয়া সাংস্কৃতিক প্ৰকল্পত প্ৰাক্তন বিজেপিৰ সভাপতি তথা জামুগুৰি নিবাসী প্ৰয়াত প্ৰবীন বৰুৱাৰ এশ বছৰীয়া জন্ম জয়ন্তীত অংশগ্ৰহণ কৰি বিজেপি দলৰ ভাল-বেয়া দিনৰ কথা স্মৰণ কৰে ৷ ইপিনে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া এই অনুষ্ঠানত উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/99c1c047-23f.png)
উল্লেখ্য যে, স্মৃতিচাৰণ সভাত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়োৱা পৰিলক্ষিত হয়। তেওঁ কয় যে- কোনো খ্ৰীষ্টান ধৰ্মী লোক হিন্দুলৈ অহা নাই ৷ কেৱল হিন্দুকেই খ্ৰীষ্টান কৰি আহিছে ৷ বাৰে বাৰে হিন্দু মানুহখিনিকেই টাৰ্গেট কৰি অহা হৈছে ৷ আৰু এইবোৰ দেখি দেখিয়েই হিন্দু মানুহখিনিৰ কেতিয়াবা ধৈৰ্য্যৰ বান্ধ ছিঙি যায় ৷ বৰদিনৰ দিনটোত ৰাজ্যখনৰ ঠায়ে ঠায়ে একাংশ হিন্দুত্ববাদী সংগঠনে যিচুৰ মূৰ্তি ভাঙি দিয়া,বৰদিন উদযাপনত বাধা দিয়া,খ্ৰীষ্টান ধৰ্মীয় সামগ্ৰী বিক্ৰীত বাধা দিয়া বিষয়ক লৈ সাংৱাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত এই দৰে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে সভাপতি গৰাকীয়ে ৷
সাংবাদিকৰ আন এক প্ৰশ্নৰ উত্তৰত কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক কটাক্ষ কৰি ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে কয়-মুখ্যমন্ত্ৰীৰ পুত্ৰ মুখ্যমন্ত্ৰী হ'বলৈ বিচৰা দলটোৱেই হ'ল কংগ্ৰেছ ৷ কংগ্ৰেছে বহু পাপ কৰি গৈছে ৷ এই পাপৰ প্ৰায়শ্চিত্ত বহুবছৰ কৰিব লাগিব ৷ কংগ্ৰেছে কৰা এই পাপৰ প্ৰায়শ্চিত্ত মুখ্যমন্ত্ৰীৰ পুত্ৰই কৰিব লাগিব ৷ ৮৬০ গৰাকী অসমীয়াক কৰা হত্যাৰ বাৱে প্ৰথমে অসমীয়া ৰাইজক ক্ষমা খোজক ৷ মীঞাক বুকুৰ আপোন কৰি লোৱা কংগ্ৰেছে অসমীয়া মানুহৰ কেতিয়াও উপকাৰ সাধন কৰা নাই ৷
/asomiyapratidin/media/post_attachments/27df368f-dca.png)
অগপই তেওঁলোকৰ বিধায়ক নথকা প্ৰতিখন জিলাত এটিকৈ চিট বিচৰা কাৰ্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়-আনুষ্ঠানিক ভাৱে তেওঁলোক আমাৰ ওচৰলৈ যেতিয়া আহিব , তেতিয়া আমি আলোচনা কৰিম ৷কাৰ্বি আলংত খিলঞ্জীয়া লোকক গ-বেক ধ্বনি দিয়া সকলক উচিত প্ৰত্যুত্তৰ দিয়া হব বুলি আলফা স্বাধীনে ভাবুকি দিয়া কাৰ্যত সভাপতি গৰাকীয়ে কোনো স্পষ্ট উত্তৰ নিদি কয়- কাৰ্বি ভূমিত শান্তিৰ বাতাবৰণৰ বাৱে সকলোৱে প্ৰয়াস কৰি আছে ৷সকলোৱে শান্তি-সম্প্ৰতি বজায় ৰাখক৷ শান্তিয়েহে, আলোচনাইহে সমস্যাৰ বাট মুকলি কৰিব ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us