/asomiyapratidin/media/media_files/2026/02/27/3-2026-02-27-10-59-28.jpg)
ডিজিটেল সংবাদ,জামুগুৰিহাটঃ বিভিন্ন প্ৰান্তত বৃদ্ধি পাইছে গৰু চোৰৰ সন্ত্ৰাস। নিতৌ ন ন কৈশলৰে সংঘটিত কৰি আহিছে এই চুৰিকাৰ্য। বৰ্তমানো জামুগুৰিহাটৰ বিভিন্ন প্ৰান্তত গৰু চোৰৰ সন্ত্ৰাস অব্যাহত আছে । এই ক্ষেত্ৰত আৰক্ষী প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। এইবাৰ জামুগুৰিহাটৰ ওপৰকুৰি গাঁৱত সংঘটিত গৰু চুৰিৰ ঘটনা। কৃষকৰ গোহালীৰ পৰা নিশা চুৰি কৰি নিয়ে দুজনীকৈ গাই গৰু।
/asomiyapratidin/media/post_attachments/5721e28a-ad7.png)
উল্লেখ্য যে- গাঁওখনৰ ভোলা হাজৰিকা আৰু দেৱ শইকীয়াৰ ঘৰৰ গোঁহালীৰ পৰা চুৰি কৰি নিয়ে উন্নত প্ৰজাতিৰ দুজনী গাই গৰু ৷ গাখীৰ দি থকা দুজনীকৈ গাইগৰু এইদৰে চুৰি কৰি নিয়াত চিন্তিত হৈ পৰিছে এতিয়া গৰুৰগৰাকী। ইপিনে জামুগুৰিহাটৰ ভিন্ন প্ৰান্তত সঘনাই সংঘটিত হৈ আহিছে গৰু চুৰিৰ ঘটনা ৷
/asomiyapratidin/media/post_attachments/ba8c7a80-da6.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us