গৰু চোৰৰ উপদ্ৰৱঃ  নিশা হ'লেই নাইকিয়া হয় এটাৰ পাছত আনটো গৰু

উল্লেখ্য যে গাওঁখনৰ পৰা ইয়াৰ পূৰ্বে কেইবাটাও গৰু চুৰি কৰি নিছে চোৰে ৷ 

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ জামুগুৰিহাটৰ বিভিন্ন প্ৰান্তত সম্প্ৰতি অব্যাহত আছে গৰু চুৰিৰ ঘটনা ৷ সোমবাৰে নিশা জামুগুৰিহাটৰ পাতলৰচুক গাঁৱৰ ভাৰত ভূঞাৰ ঘৰৰ পৰা চাৰিজনীকৈ উন্নত প্ৰজাতিৰ গাই গৰু চুৰি কৰি নিয়ে চোৰে ৷ ভাৰত ভূঞাৰ মূল বাসগৃহৰ চৌহদৰ লোহাৰৰ গেটৰ তলা আৰু গোহালিৰ তলা ভাঙি গৰু কেইজনী চুৰি কৰি নিয়াত দুখত ভাগি পৰিছে গৰুৰ গৰাকী। 

প্ৰায় দুই লাখ টকাৰ গৰু চুৰি কৰি নিয়া বুলি মন্তব্য কৰে ভাৰত ভূঞাই ৷ গৰুৰ গৰাকীয়ে এই সন্দৰ্ভত জামুগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ লগতে আৰক্ষীয়ে তদন্ত অব্যাহত ৰখিছে বুলি দানিব পৰা গৈছে। উল্লেখ্য যে গাওঁখনৰ পৰা ইয়াৰ পূৰ্বে কেইবাটাও গৰু চুৰি কৰি নিছে চোৰে ৷ 

জামুগুৰিহাট