/asomiyapratidin/media/media_files/2025/08/15/tezpur-15-2025-08-15-14-48-16.jpg)
ডিজিটেল সংবাদ,তেজপুৰঃ দেশৰ অন্যান্য প্ৰান্তৰৰ লগতে আজি শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ শলগুৰিত নদুৱাৰ আৰু চতিয়া ব্লক কংগ্ৰেছৰ উদ্যোগত দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ জাতীয় পতাকা উত্তোলন কৰা হয়। সেই অনুসৰি নদুৱাৰ ব্লক কংগ্ৰেছৰ প্ৰাক্তন সভাপতি জগত বৰাই পতাকা উত্তোলন কৰি স্বাধীনোত্তৰ কালত ভাৰতৰ স্বাধীনতা আন্দোলনত অংশগ্ৰহণকাৰী প্ৰতিগৰাকী ছহিদক গভীৰ শ্ৰদ্ধাৰে সোঁৱৰণ কৰি শ্ৰদ্ধাৰ্ঘ্য জ্ঞাপন কৰে।
চতিয়া ব্লক কংগ্ৰেছৰ সভাপতি অশোক ঢুংগেলে আঁতধৰা জাতীয় পতাকা উত্তোলনৰ অনুষ্ঠানত দেশৰ স্বাধীনতা সেনানীসকলৰ ত্যাগক অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ (গোৰ্খা কোষৰ) সভাপতি ইন্দ্ৰলাল শৰ্মাসহ কেইবাগৰাকীও জ্যেষ্ঠ কংগ্ৰেছৰ বিষয়ববীয়াই শ্ৰদ্ধাৰে স্মৰণ কৰি দেশৰ স্বাধীনতা সংগ্ৰামৰ বিষয়ত গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে। আনহাতে জামুগুৰিহাটৰ শলগুৰিত নদুৱাৰ সমষ্টি ভিত্তিত আজি কংগ্ৰেছৰ এটা নতুন কাৰ্যালয় মুকলি কৰা হয়।
এইক্ষেত্ৰত শোণিতপুৰ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি, গোৱালপাৰা জিলা কংগ্ৰেছৰ পৰ্যবেক্ষক তথা অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যনিৰ্বাহক সদস্য দাদুল বৰকাকতীয়ে কংগ্ৰেছৰ নতুন কাৰ্যলয়টো উদ্বোধন কৰে। ইয়াৰ পিছতে স্বাধীনতা দিৱস উদযাপন সন্দৰ্ভত কাৰ্যলয়ৰ সভাগৃহত এক মনোজ্ঞ আলোচনা চক্ৰ অনুষ্ঠিত হয়।
আনহাতে স্বাধীনতা দিৱস উদযাপন অনুষ্ঠানৰ অন্তত নদুৱাৰ আৰু চতিয়া ব্লক কংগ্ৰেছৰ উদ্যোগত কেইবাশতাধিক কংগ্ৰেছ নেতাকৰ্মীয়ে হাতে হাতে ত্ৰিৰংগা পতাকা লৈ বন্দে মাতৰম, জয় হিন্দ শ্ল’গান দি শলগুৰিৰ পৰা জামুগুৰিহাট চেন্টাৰ হৈ কুসুমটোলা,বৰিগাঁও বামুণৰবাৰী আৰু কাঠবাৰীকে আদি কৰি বিভিন্ন অঞ্চলক এক বৃহৎ ত্ৰিৰংগা যাত্ৰা উলিয়ায়।