/asomiyapratidin/media/media_files/2026/01/10/1-2026-01-10-18-23-30.jpg)
ডিজিটেল সংবাদ,জামুগুৰিহাটঃ নদুৱাৰ সমষ্টিৰ জামুগুৰিহাটৰ বাপুজী ভৱনত এক বৃহৎ যোগদান কাৰ্যসূচী সম্পন্ন হয় ৷ ভাৰতীয় জনতা যুৱ মৰ্চাৰ নদুৱাৰ সমষ্টিৰ উদ্যোগত অনুষ্ঠিত এই যোগদান কাৰ্যসূচীত সমষ্টিটোৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ছয় শতাধিক যুৱক-যুৱতীয়ে বিজেপি দলত যোগদান কৰে ৷
/asomiyapratidin/media/post_attachments/4ffb9f7a-ba9.png)
এই কাৰ্যসূচীতে ৰাইজৰ দলৰ কেন্দ্ৰীয় বিষয়ববীয়া অনুপম শইকীয়াসহ জিলা পৰ্যায়ৰ বহুকেইগৰাকী বিষয়ববীয়াই বিজেপিত যোগদান কৰে। ইপিনে আঞ্চলিক পৰ্যায়ৰ আছুৰ কেইবাগৰাকীও প্ৰাক্তন সভাপতি সম্পাদকে বিজেপিত যোগদান কৰে ৷
/asomiyapratidin/media/post_attachments/5e796fb4-3cf.png)
উল্লেখ্য যে, যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই মন্তব্য আগবঢ়োৱা পৰিলক্ষিত হয়। ইপিনে তেওঁ কয় যে- মোৰ সমষ্টিত কোনো বিৰোধীয়েই নাই ৷ ঝাৰু মাৰি ৰাইজে কংগ্ৰেছক বিদায় দিছে ৷ এইবাৰ নিৰ্বাচনত একলাখ বিশ হেজাৰ ভোটত মই জয়ী হম ৷ বিজেপি দলত যোগদান কাৰী সকলক বিধায়ক পদ্ম হাজৰিকা সমন্বিতে দলীয় নেতৃত্বই দলীয় প্ৰতীক সম্বলিত টুপি,আৰু গামোছাৰে আদৰণি জনায়৷
/asomiyapratidin/media/post_attachments/5bc90f52-55d.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us