জামুগুৰিহাটৰ কালীয়দমন ভাওনাক লৈ অপপ্ৰচাৰ চলোৱাৰ অভিযোগ

জামুগুৰিহাটৰ কোচগাওঁত ঐতিহ্যমণ্ডিত ২৩০ বছৰীয়া কালীয় দমন ভাওনাক কেন্দ্ৰ কৰি এটা প’ৰ্টেলত প্ৰকাশিত কটু মন্তব্যক লৈ জাঙুৰ খাই উঠিছে সমগ্ৰ গাঁওবাসী।

author-image
Asomiya Pratidin
New Update
ZSDSDSDSDD

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ কোচগাওঁত ঐতিহ্যমণ্ডিত ২৩০ বছৰীয়া কালীয় দমন ভাওনাক কেন্দ্ৰ কৰি এটা প’ৰ্টেলত প্ৰকাশিত কটু মন্তব্যক লৈ জাঙুৰ খাই উঠিছে সমগ্ৰ গাঁওবাসী।

ভাওনাখনত নাগৰ শিৰত উঠি শিশু কৃষ্ণই নৃত্য কৰা আৰু দেৱতা সকলে আকাশ মাৰ্গেৰে গন্ধৰ্ব বাদ্য পৰিৱেশন কৰা মূহূৰ্ত প্ৰতিকী ৰূপত জটৰী শালত (চকৰীত উঠি) প্ৰদৰ্শন কৰা কাৰ্যক লৈ সংশ্লিষ্ট প’ৰ্টেলটোৱে ভাওনাৰ নামত “বহুৱালি কৰা” বুলি কটূক্তি কৰা বাতৰি প্ৰকাশ কৰিছিল। এই খবৰে স্থানীয় ৰাইজৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি কৰিছে।

CaptureCXCC

বৃহস্পতিবাৰে বিয়লি কোচগাওঁবাসীয়ে এক সংবাদমেলৰ জৰিয়তে প’ৰ্টেলটোৰ বিৰুদ্ধে সৰব হৈ পৰে। গাঁওবাসীয়ে অভিযোগ অনুসৰি, ২৩০ বছৰীয়া ঐতিহ্য-পৰম্পৰাৰ অৱমাননা কৰি প’ৰ্টেলটোৱে অসমীয়াৰ সংস্কৃতি বিনষ্ট কৰাৰ চেষ্টা কৰিছে। সংবাদমেলত ৰাইজে কঠোৰ ভাষাৰে গৰিহণা জনাই প’ৰ্টেলটোৰ সাংবাদিকক ৰাজহুৱাভাৱে ক্ষমা খোজাৰ দাবী তোলে। লগতে ভৱিষ্যতে এনে নিকৃষ্ট কার্য নকৰিবলৈ সংবাদ মাধ্যমসমূহকও আহ্বান জনোৱা হয়।

জামুগুৰিহাট