/asomiyapratidin/media/media_files/2026/01/22/1-2026-01-22-10-14-53.jpg)
ডিজিটেল সংবাদ,জামুগুৰিহাটঃ জামুগুৰিহাটৰ গমিৰিপালত পূব বৰভগীয়া মণ্ডল সমিতিৰ উদ্যোগত বুধবাৰে দিনজোৰা কাৰ্য্যসূচীৰে সনাতনী হিন্দু সন্মিলন অনুষ্ঠিত হয়। এই উপলক্ষে পুৱাই পতকা উত্তোলন আৰু বন্তি প্ৰজ্বলনেৰে কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰা হয় ৷ গমিৰিপাল নাট্যভৱনত অনুষ্ঠিত আনুষ্ঠানটিত আইমাতৃ সকলে পৰিৱেশন কৰা দিহা নামে এক ভক্তিভৰা পৰিবেশৰ সৃষ্টি কৰে ৷
/asomiyapratidin/media/post_attachments/2cb4b976-6d6.png)
বিয়লি অনুষ্ঠিত হোৱা মুকলি সভাত সভাপতিৰ আসন অলংকৃত কৰে অৱসৰ প্ৰাপ্ত কৃতি শিক্ষক দল বাহাদুৰ চেত্ৰীয়ে । অনুষ্ঠানটিৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে শিক্ষক সমাজকৰ্মী অৰুণ শৰ্মাই ৷ বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে অৱসৰ প্ৰাপ্ত কৃতি শিক্ষক বাণেশ্বৰ বৰা, অসম চৰকাৰৰ শিল্পী পেঞ্চন প্ৰাপক শিল্পী, সমাজকৰ্মী চক্ৰপাণি শৰ্মা আৰু বৰ্ষিয়ান সমাজকৰ্মী দণ্ডি ৰাজ উপাধ্যায়ে। মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰে পণ্ডিত দেৱনায়ক অধিকাৰী, মহিলা সমাজকৰ্মী ভানু দেবী আৰু ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ উত্তৰ অসমৰ প্ৰচাৰক নৃপেন বৰ্মনে।
/asomiyapratidin/media/post_attachments/d0466309-d96.png)
ৰাইজক উদ্দেশ্যি সনাতনী হিন্দু ধৰ্ম্মৰ ওপৰত বিস্তৃত ব্যাখ্যা ডাঙি ধৰি তত্ত্ব গধুৰ বক্তব্য প্ৰদান কৰে ৷ অনাগত দিনত সনাতনী হিন্দু ধৰ্ম্মীয় সংস্কৃতি জীয়াই ৰখাৰ স্বাৰ্থতে এনেধৰনৰ সন্মিলন অনুষ্ঠিত কৰাটো উচিত বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ প্ৰচাৰক গৰাকীয়ে। অনুষ্ঠানটিৰ মাজতে ছাত্ৰ-ছাত্ৰীসকলে পৰিৱেশন কৰা গীত নৃত্যই সকলৰে মন মুগ্ধ কৰে ৷ ইপিনে সনাতনী হিন্দু সন্মিলনৰ অনুষ্ঠানটি সৰ্ব্বাতোপ্ৰকাৰে সাফল্য মণ্ডিত কৰাৰ বাবে আয়োজক কমিতিৰ হৈ সভানেত্ৰী ৰূপা শৰ্মা আৰু চম্পা দেবীয়ে অংশগ্ৰহণকাৰী ৰাইজক ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন কৰে৷
/asomiyapratidin/media/post_attachments/308f918e-fb0.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us