জামুগুৰিহাটৰ টুপিয়াত মূঢ়াদল সমবায় সমিতিৰ বিশেষ সম্বৰ্দ্ধনা অনুষ্ঠান সম্পন্ন

জামুগুৰিহাটৰ  মুঢ়াদল সমবায় সমিতিৰ সম্পাদক তপন শৰ্মাই সদৌ অসম সমবায় সমিতি কৰ্মচাৰী সন্থাৰ সভাপতি হিচাপে নিযুক্তি লাভ কৰাত মূঢ়াদল সমবায় সমিতিৰ  এজেণ্ট সকলৰ লগতে পৰিচালনা সমিতিখন উৎফুল্লিত হৈ পৰিছে৷ এই উপলক্ষে আজি জামুগুৰিহাটৰ টুপিয়াৰ মূঢ়াদল সমবায় সমিতিৰ কাৰ্য্যালয় প্ৰাংগনত সমবায় সমিতিৰ এজেন্ট আৰু পৰিচালনা সমিতিয়ে বিশেষ সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰে ৷

author-image
Asomiya Pratidin
New Update
AP WEB 2 (5)

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ  জামুগুৰিহাটৰ  মুঢ়াদল সমবায় সমিতিৰ সম্পাদক তপন শৰ্মাই সদৌ অসম সমবায় সমিতি কৰ্মচাৰী সন্থাৰ সভাপতি হিচাপে নিযুক্তি লাভ কৰাত মূঢ়াদল সমবায় সমিতিৰ  এজেণ্ট সকলৰ লগতে পৰিচালনা সমিতিখন উৎফুল্লিত হৈ পৰিছে ৷ এই উপলক্ষে আজি জামুগুৰিহাটৰ টুপিয়াৰ মূঢ়াদল সমবায় সমিতিৰ কাৰ্য্যালয় প্ৰাংগনত সমবায় সমিতিৰ এজেন্ট আৰু পৰিচালনা সমিতিয়ে এক বিশেষ সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰে ৷

উল্লেখ্য যে মূঢ়াদল সমবায় সমিতিৰ স্থায়ী সভাপতি নৰ বাহাদুৰ বনীয়াৰ সঞ্চালনাত অনুষ্ঠিত অনুষ্ঠানটিৰ আঁত ধৰে উপ সভাপতি বাসুদেৱ গৌতমে । আনফালে অনুষ্ঠানত অংশগ্ৰহণ কৰি শোণিতপুৰ জিলা বিজেপিৰ উপ সভাপতি নিতুমণি বৰা, উত্তৰ ন দুৱাৰ মণ্ডল বিজেপিৰ সভাপতি  কিশোৰ দাহাল, জিলা পৰিষদ সদস্যা ৰেণুকা দেবী, সাংস্কৃতিক কৰ্মী সঞ্জয় শৰ্মাকে ধৰি  গণ্য মাণ্য ব্যক্তি সকলে ।

আনফালে সদৌ অসম সমবায় সমিতি কৰ্মচাৰীসকলে নৱনিযুক্ত সভাপতি তপন শৰ্মাক ফুলাম গামোচাৰে উষ্ম আদৰণি জ্ঞাপন কৰে৷ অনুষ্ঠানটি সাফল্যমণ্ডিত কৰা অংশগ্ৰহণকাৰী সকলক স্থানীয় ৰাইজক সঞ্চালক মণ্ডলীৰ অন্যতম সদস্য সকলে ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন কৰে ৷

জামুগুৰিহাট