/asomiyapratidin/media/media_files/2026/01/12/624-2026-01-12-19-58-11.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাট : ৰেজাউল কৰিমহঁতে শিৱসাগৰ, তিনিচুকীয়াই নহয়; গোটেই অসমখনকে ধুবুৰী বনাব বিচাৰে ৷ অসমখন ধবংস কৰিবলৈ হ’লে আন একো নালাগে, কেৱল কংগ্ৰেছ দল শক্তিশালী হ’লে হ’ল ৷ অসমত যদি খিলঞ্জীয়া মানুহৰ নিৰাপত্তা নোহোৱা হ’ব লাগে খিলঞ্জীয়া মানুহৰ যদি বাংলাদেশৰ দৰে অৱস্থা হ’ব লাগে তেন্তে কংগ্ৰেছৰ production ৰেজাউল কৰিমহ’তৰ দৰে লোকৰ কটা হাতৰ চিহ্নত ভোট দিলেই অসমৰ ভৱিষ্যত আৰু কোনো চিন্তা কৰাৰ দৰকাৰ নাই বুলি মন্তব্য কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ৷
বিধায়কগৰাকীয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি সাংসদ গৌৰৱ গগৈকো উদ্দেশ্যি কয় যে তেও Who is Badaruddin বা Who is Rejaul korim নকয় কাৰণ সেইবোৰ শক্তিক বৰপীৰা পাৰি দিছে ৷ তাৰ বিপৰীতে অসমৰ খিলঞ্জীয়া মানুহৰ প্ৰভূত্ব সৰ্ব্বকালৰ বাবে প্ৰতিষ্ঠা কৰিব বিচৰা মূখ্যমন্ত্ৰীগৰাকীক Who is Himanta Biswasarma বুলি কোৱাতো অতিকৈ লজ্জাজনক ৷
যিহেতু গৌৰৱ গগৈৰ পৰিয়ালৰ তিনিজনেই বিদেশী গতিকে স্বদেশৰ কথা তেও কেনেকৈ চিন্তা কৰিব পাৰিব বুলিও মন্তব্য কৰে বিধায়কগৰাকীয়ে ৷ কোনোবাই যদি গৌৰৱ গগৈৰপৰা অসমৰ গৌৰৱ বৃদ্ধি হ’ব বুলি ভাবিছে তাৰবিপৰীতে কিন্তু অসম জহন্নামেহে যাব বুলিও মন্তব্য কৰে বিধায়ক পদ্ম হাজৰিকাই ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us