/asomiyapratidin/media/media_files/2025/12/19/1-2025-12-19-20-23-59.jpg)
ডিজিটেল সংবাদ,জামুগুৰিহাটঃ চতিয়াৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে খনাগুৰিত চিলনী চোৰৰ উপদ্ৰৱ। খনাগুৰি গাঁৱৰ মীৰা শইকীয়া নামৰ এগৰাকী বৃদ্ধাই দুপৰীয়া আহাৰ গ্ৰহণ কৰি চোতালত বহি থকা অৱস্থাত দুজন যুৱকে বৃদ্ধা গৰাকীৰ কাষত মটৰ চাইকেললৈ উপস্থিত হয় ৷
/asomiyapratidin/media/post_attachments/2af7c2e5-2e5.png)
যুৱক দুজনে বৃদ্ধা গৰাকীক গাঁৱৰ কোনোবা এজন লৰাৰ নামকৈ তেওঁলোকৰ ঘৰ কোনখন বুলি সোধাত বৃদ্ধাৰ গৰাকীয়ে উত্তৰ দিয়াৰ পাছতে যুৱক দুজনৰ মাজৰে এজনে বৃদ্ধাগৰাকীৰ পিঠিত কিবা লাগি থকা কয় আৰু সোণৰ চেইনদাল আজুৰি উধাও হয়।নিমিষতে ঘটনাৰ খবৰ বিয়পি পৰাত হুৱা দুৱা লাগে৷ ইয়াৰ পিছতি ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় কিন্তু চোৰৰ কোনো সন্ধান ওলাব নোৱাৰিলে। চতিয়াত মহিলাৰ ডিঙিৰ পৰা সোঁণৰ চেইন কাঢ়ি নিয়াৰ ঘটনা ইয়াৰ আগেও কেইবাৰো সংঘটিত হৈছিল।কিন্তু চতিয়া আৰক্ষীয়ে বৰ্তমানলৈকে এই চিলনী চোৰৰ গেংটোৰ সম্ভেদ উলিয়াবলৈ সক্ষম হোৱা নাই।
/asomiyapratidin/media/post_attachments/bf1b5f84-366.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us