উত্তৰ জামুগুৰি ৬৭ সংখ্যক কেন্দ্ৰীয় হৰি কীৰ্তন সমাৰোহ

নদুৱাৰ সমষ্টিৰ বালিজুৰি অঞ্চলৰ মধ্য বালিজুৰি হৰি কীৰ্তন সমাৰোহ ক্ষেত্ৰত উত্তৰ জামুগুৰি ৬৭ সংখ্যক কেন্দ্ৰীয় হৰি কীৰ্তনৰ শনিবাৰে দ্বিতীয় দিনা

author-image
Asomiya Pratidin
New Update
102

ডিজিটেল সংবাদ, জামুগুৰিহাট : নদুৱাৰ সমষ্টিৰ বালিজুৰি অঞ্চলৰ মধ্য বালিজুৰি হৰি কীৰ্তন সমাৰোহ ক্ষেত্ৰত উত্তৰ জামুগুৰি ৬৭ সংখ্যক কেন্দ্ৰীয় হৰি কীৰ্তনৰ শনিবাৰে দ্বিতীয় দিনা পুৱাই পতকা উত্তোলন কৰে উত্তৰ জামুগুৰি কেন্দ্ৰীয় হৰি কীৰ্তন সমিতিৰ সভাপতি ওমা দাহালে । ইয়াৰ পিছতে স্মৃতি তৰ্পণ কৰে উত্তৰ জামুগুৰি কেন্দ্ৰীয় হৰি কীৰ্তন সমিতিৰ মূল সচীৱ সঞ্জীৱ চেত্ৰীয়ে ।

এজোপা নাহৰ গছৰ তলত হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিচ্ছবি থৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে উত্তৰ জামুগুৰি কেন্দ্ৰীয় হৰি কীৰ্তন সমিতিৰ বিষয়ববীয়া সকলৰ লগতে ভক্ত প্ৰাণ ৰাইজে । ইয়াৰ পিছতে বৰুণ আহ্বান তথা জল যাত্ৰাৰ কাৰ্য্যসুচী শুভাৰম্ভ কৰে যুৱ লেখক সমাজকৰ্মী লক্ষ্মীকান্ত বৰাই।

পাঁচ শতাধিক মহিলা পুৰুষ ভক্ত প্ৰাণ ৰাইজে কলহত পানী তুলি আনি উত্তৰ জামুগুৰি কেন্দ্ৰীয় হৰি কীৰ্তন মূল মণ্ডপত ৰাখে ।

জামুগুৰি