/asomiyapratidin/media/media_files/2026/02/16/skjfksdjfksdjfkdjf-2026-02-16-17-31-17.jpg)
নিউজ ডেস্কঃ ভাৰত চৰকাৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে কঠোৰ হৈ পৰাৰ পাছতে যেন ভয়ত কম্পমান হৈ পৰিছে সন্ত্ৰাসবাদী। সেনা বাহিনী-আৰক্ষীৰ অভিযান চলোৱাৰ পাছত এতিয়া নিজৰ মুখমণ্ডল, বেশ সলনি কৰিবলগীয়া হৈছে। দৰাচলতে, জেইছ-ই-মহম্মদৰ কমাণ্ডৰ ছেফুল্লাহই এতিয়া নিজৰ প্ৰাণৰক্ষাৰ বাবে নিজৰ মুখমণ্ডল, বেশ সলনি কৰি দিন কটিয়াবলগীয়া হৈছে।
সন্ত্ৰাসবাদীৰ ক্ষেত্ৰত দেখা যায় যে- সিহঁতে নিজৰ সমগ্ৰ মুখমণ্ডলত দীঘল মোচ আৰু দাড়ি ৰাখে। কিন্তু তাৰ বিপৰীতে এই সন্ত্ৰাসবাদীটোৰ এখন ফটো ভাইৰেল হৈ পৰিছে, য’ত সন্ত্ৰাসবাদীটোৱে দাড়ি কাটি কেৱল মোচ ৰাখিছে আৰু লগত আছে এটা ৰাইফল।
ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি, জম্মু-কাশ্মীৰ আৰক্ষী আৰু সেনা বাহিনীৰ তালাচী বা অভিযানৰ সময়ত যাতে ধৰা নপৰে তাৰ বাবে এতিয়া এনেদৰে নিজৰ সমগ্ৰ মুখমণ্ডল সলনি কৰিছে সন্ত্ৰাসবাদীটোৱে। ইফালে, আৰক্ষীৰ মতে, জেইছ-ই-মহম্মদৰ সন্ত্ৰাসবাদীয়ে নিজৰ প্ৰাণৰক্ষাৰ বাবে কেৱল দাড়ি কটাই নহয়, মহিলাৰ সাজ-পাৰো পৰিধান কৰি নিজক লুকুৱাই ৰাখিবলৈ চেষ্টা কৰিছে।
ইফালে, সন্ত্ৰাসবাদী ছেফুল্লাহৰ দাড়ি কটা ফটো এখন আৰক্ষীয়ে নিজৰ সামাজিক মাধ্যমত শ্বেয়াৰ কৰাৰ লগতে ফটোখনৰ পোষ্টাৰ শ্ৰীনগৰ আৰু ওচৰ চুবুৰীয়া এলেকাসমূহত আঁৰিছে। লগতে পোষ্টাৰখনত লিখিছে- যদি সন্ত্ৰাসবাদীটোৰ কোনো খবৰ লাভ কৰে তেন্তে ততাতৈয়াকৈ আৰক্ষীক খবৰ দিব লাগে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us