কৃষকৰ কথা ভাৱি ৩টা ডাঙৰ ৰে'ল প্ৰকল্প বাতিল কৰিলে কেন্দ্ৰই...

প্ৰকৃতি ৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ ৰে'ল বিভাগে গ্ৰহণ কৰিছে এক বিশেষ তথা ডাঙৰ সিদ্ধান্ত।  জম্মু-কাশ্মীৰৰ সৈতে দেশৰ বাকী অংশক সংযোজিত কৰিবলৈ ৰে'ল মন্ত্রালয়ে গ্রহণ কৰা তিনিটা গুৰুত্বপূর্ণ প্রকল্প বাতিল কৰিছে।

author-image
Asomiya Pratidin
New Update
apllee

ডিজিটেল ডেস্কঃ প্ৰকৃতি ৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ ৰে'ল বিভাগে গ্ৰহণ কৰিছে এক বিশেষ তথা ডাঙৰ সিদ্ধান্ত।  জম্মু-কাশ্মীৰৰ সৈতে দেশৰ বাকী অংশক সংযোজিত কৰিবলৈ ৰে'ল মন্ত্রালয়ে গ্রহণ কৰা তিনিটা গুৰুত্বপূর্ণ প্রকল্প বাতিল কৰিছে। ২০২৩ চনৰ ডিচেম্বৰত কাশ্মীৰত তিনিটা ৰে'ল লাইনৰ জৰীপত অনুমোদন জনাইছিল।

সেইকেইটা হ'ল ছপোৰ-কুপৱাৰা, অৱস্তীপুৰা-ছপিয়ান আৰু অনন্তনাগ-বীজবোহবা পেহেলগাম। কিন্তু স্থানীয় ৰাইজৰ লগতে চৰকাৰৰ আপত্তিৰ বাবে এই ৰে'ল প্রকল্প তিনিটা বাতিল কৰা হয়। দৰাচলতে এই ৰে'ল আলি কেইটা স্থাপন কৰিবলৈ হ'লে ৭ লাখৰো অধিক আপেলৰ গছ কাটিব লাগিলেহেঁতেন। 

ইয়াৰ ফলত বহু আপেল কৃষকৰ পৰিয়াললৈ হাহাকাৰ নামি আহিলহেঁতেন। যাৰ বাবে ৰে'ল মন্ত্র্যালয়ে এই তিনিটা প্রকল্প বাতিল কৰে। আজি কেন্দ্রীয় ৰে'ল মন্ত্রী অশ্বিনী বৈষ্ণৱে এই প্ৰকল্প কেইটা বাতিল কৰাৰ কথা শেহতীয়াকৈ সদৰি কৰিছে। 

জন্মু কাশ্মীৰ