/asomiyapratidin/media/media_files/2025/11/15/new-ap-web-3-3-2025-11-15-11-51-48.jpg)
ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰত জাৰি কৰিছে হাই এলাৰ্ট । শ্ৰীনগৰৰ নৌগাম থানাত শুক্ৰবাৰে নিশা সংঘটিত ভয়ানক বিস্ফোৰণৰ পাছতে এই সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৰাজ্যখনত ।
উল্লেখযোগ্য যে নৌগাম থানাত সংঘটিত বিস্ফোৰণটো ইমানেই ভয়াবহ আছিল যে বহু কিঃমিঃ দূৰলৈকে বিস্ফোৰণৰ শব্দ শুনা গৈছিল । এই ঘটনাত ৯জনৰ মৃত্যুৰ লগতে আহত হৈছিল ৩২ জন লোক।
উল্লেখ্য যে এই ঘটনাৰ পিছতে জম্মু-কাশ্মীৰৰ ডিজিপি নলীন প্ৰভাতে হাই এলাৰ্ট জাৰি কৰাৰ কথা প্ৰকাশ কৰে। উল্লেখ্য যে দিল্লী বিস্ফোৰণৰ ৪৮ ঘন্টা পাৰ নৌহতেই এই ভয়ংকৰ বিস্ফোৰণ ঘটাত সকলোকে আতংকিত কৰি তুলিছে। তদুপৰি এই ঘটনাৰ পাছত জম্ম-কাশ্মীৰত নিৰাপত্তাৰ ব্যৱস্থা অধিক কটকটীয়া কৰাৰ লগতে অধিক নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us