/asomiyapratidin/media/media_files/2025/08/27/ujjd-2025-08-27-10-23-59.jpg)
ডিজিটেল ডেস্কঃজম্মু-কাশ্মীৰৰ ডোডা জিলাত অব্যাহত থকা ধাৰাসাৰ বৰষুণৰ ফলত বৈষ্ণো দেৱী মন্দিৰ পথত ৫ জনকে ধৰি আন কেইবাটাও স্থানত হোৱা ভয়ংকৰ ভূমিস্খলনৰ ফলত এই পৰ্যন্ত ৩০ লোকৰ মৃত্যুৰ হোৱা বুলি জানিব পৰা গৈছে। এনে পৰিস্থিতিত বৈষ্ণো দেৱী মন্দিৰৰ যাত্ৰা স্থগিত ৰখা হৈছে।
জানিব পৰা মতে অধকৱাৰীৰ ইন্দৰপ্ৰস্থ ভোজনালয়ৰ সমীপত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। এই ঘটনাত বহু কেইজন লোক আহত হোৱা বুলি জানিব পৰা গৈছে। ভূমিস্খলনৰ পিছতে উদ্ধাৰকাৰীয়ে আধুনিক যন্ত্ৰ-পাতিৰে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।
আহত ভক্তসকলক জম্মু আৰু কাটৰাৰ হস্পাতালত ভৰ্তি কৰা হৈছে। ইফালে জম্মু আৰু কাটৰা ষ্টেচনৰ পৰা চলিব লগা প্ৰায় ২২খন ৰে'লৰ চলাচল স্থগিত ৰাখিছে প্ৰশাসনে। ভূমিস্খলনৰ ফলত বহু সা-সম্পত্তিও ক্ষতিগ্ৰস্ত হৈছে।
ডোডা আৰু কিষ্টৱাৰ সংযোগী ২৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰবল বৰষুণ, ভূমিস্খলনৰ ফলত ক্ষতিগ্ৰস্ত হৈছে। এই পথৰ এটা অংশ পানীয়ে উটুৱাই নিছে। ফলত যাতায়ত বন্ধ হৈ পৰিছে।
এই আটাইকেইখন জিলাতে জৰুৰীকালীন অৱস্থাৰ বাবে হেল্পলাইন নম্বৰ মুকলি কৰাৰ লগতে স্থানীয় কৰ্তৃপক্ষ হাই এলাৰ্টত আছে। বতৰ বিভাগে জম্মুত ধাৰাসাৰ বৰষুণৰ পৰ্বানুমান কৰিছে। এনে পৰিস্থিতিত সোনকালেই যে পৰিস্থিতি উন্নত হ’ব সেই আশা ক্ষীণ দেখা গৈছে।