/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/POONCH.jpg)
ডিজিটেল ডেস্কঃ দেওবাৰে নিশা জম্মু-কাশ্মীৰৰ পুঞ্জ জিলাৰ ভাৰত-পাক সীমান্তত থকা কৃষ্ণা ঘাটি, মনকোট চেক্টৰত পাক সেনাই কৰা ধাৰাসাৰ গুলীবৰ্ষণত প্ৰাণ হেৰুৱায় এটি নৱজাতকে। মাত্ৰ ১০ দিনীয়া এই নৱজাতকটি প্ৰথমে গুৰুতৰভাৱে আহত হোৱাৰ পাছত চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হৈছিল যদিও পাছত চিকিৎসকে মৃত ঘোষণা কৰে। পাক সেনাৰ এই গুলীবৰ্ষণত আহত হৈছে অন্য ২ গৰাকী লোক। বৰ্তমান চিকিৎসালয়ত ভৰ্ত্তি হৈ থকা লোক ২ জন সংকটমুক্ত বুলি জানিবলৈ দিছে চিকিৎসকে।