ৰাজ্যৰ শেহতীয়া পৰিস্থিতিত উদ্বিগ্ন ৰাজ্যিক জমিয়ত উলামাঃ মুছলমান ৰাইজক দোৱাৰ আহ্বান

ৰাজ্যখনৰ শেহতীয়া পৰিস্থিতি আৰু বিপদজনক সমস্যা বৃদ্ধিৰ আশংকা প্ৰকাশ কৰি ৰাজ্যিক জমিয়ত উলামা উদ্বিগ্ন হৈ পৰিছে৷ ইয়াৰ পৰিত্ৰাণৰ বাবে জমিয়ত উলামাই দোৱাৰ আহ্বান জনাইছে৷ 

author-image
Asomiya Pratidin
New Update
ৰাজ্যৰ শেহতীয়া পৰিস্থিতিত উদ্বিগ্ন ৰাজ্যিক জমিয়ত উলামাঃ মুছলমান ৰাইজক দোৱাৰ আহ্বান

ডিজিটেল ডেস্কঃ ৰাজ্যখনৰ শেহতীয়া পৰিস্থিতি আৰু বিপদজনক সমস্যা বৃদ্ধিৰ আশংকা প্ৰকাশ কৰি ৰাজ্যিক জমিয়ত উলামা উদ্বিগ্ন হৈ পৰিছে৷ এইবোৰৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে জমিয়ত উলামাই মুছলমান ৰাইজক দোৱাৰ আহ্বান জনাইছে৷ 

Advertisment

ৰাজ্যিক জমিয়ত উলামাৰ আহ্বানত আৰু হোজাই জিলা জমিয়ত উলামাই এক বিবৃতিযোগে ৰাইজক এই আহ্বান জনাইছে৷ হোজাই জিলা জমিয়ত উলামাৰ সভাপতি মুফতি মহম্মদ আলী আৰু সম্পাদক মুফতি নুৰ মহম্মদ স্বাক্ষৰিত বিবৃতিটোৰ জৰিয়তে ৰাইজলৈ এই আহ্বান জনোৱা হৈছে। 

মুছলমান ভাই-বন্ধুসকলক সম্বোধন কৰি বিবৃতিটোত কোৱা হৈছে যে ‘’দৈনিক বিপদজৰ্জৰ সমস্যাবোৰ বৃদ্ধি হ’বলৈ গৈ আছে। আমাৰ অৱস্থা কি হ’ব কোৱা কঠিন হৈ পৰিছে। এনেকুৱা পৰিস্থিতি আৰু পৰিৱেশ সৃষ্টি হ’ব বুলি হয়তো আমি কাহানিও ভবা নাছিলোঁ। এক কথাত ক’বলৈ গ’লে কল্পনাতীত জটিল সমস্যাৰ মাজত আছোঁ। এই মুহূর্তত আমি কেৱল আল্লাহৰ দয়া আৰু কৰুণাৰ আশা কৰাৰ বাহিৰে কোনো উপায় নাই।‘’ 

মুছলমান ৰাইজক সেয়ে মছজিদে মছজিদে ইমাম চাহেবানে আৰু মহিলাসকলক ঘৰে ঘৰে খতমে ইউনুছ আৰম্ভ কৰি আল্লাহৰ ওচৰত দোৱা কৰিবলৈ আবেদন জনোৱা হৈছে৷

হোজাই