গৰু চুৰি চক্ৰৰ বিৰুদ্ধে অভিযান চলালে বিধায়ক পদ্ম  হাজৰিকাই

জামুগুৰিহাটৰ গটাইমাৰীত গৰু চুৰি চক্ৰৰ বিৰুদ্ধে অভিযান চলালে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম  হাজৰিকাই।

author-image
Asomiya Pratidin
New Update
RTYRFEDD

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ গটাইমাৰীত গৰু চুৰি চক্ৰৰ বিৰুদ্ধে অভিযান চলালে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম  হাজৰিকাই। এই অভিযান কালত কেইবাটাও চুৰি গৰু জব্দ হয়। দুখনকৈ LP ট্ৰাকত ভৰাই চুৰি গৰুসমুহ সৰবৰাহৰ চেষ্টা চলোৱাৰ সময়ত ৰাইজৰ সহযোগত বিধায়ক গৰাকীয়ে নিশা জব্দ কৰে।

এই গৰুচুৰিৰ ঘটনাৰ লগত জড়িত জালালউদ্দিন নামৰ এজনক কৰায়ত্ত কৰা হয় যদিও ইনামূল সহিতে আন কেইবাগৰাকীও পলাই সৰিবলৈ সক্ষম হয়। ইতিমধ্যে চুৰি গৰুসমুহ জামুগুৰি আৰক্ষীক চমজাই দিয়া হৈছে।

CaptureJHHUII

এই গৰু চুৰি চক্ৰটোৰ লগত আন্তৰাষ্ট্ৰীয় গৰু চুৰি চক্ৰ জড়িত থকাৰ সন্দেহ কৰিছে বিধায়ক পদ্ম হাজৰিকাই। বিধায়ক গৰাকীয়ে গৰুচুৰি চক্ৰটোৰ লগত জড়িত সকলৰ বিৰুদ্ধে উচিত তদন্ত কৰি কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিয়ে ৷

জামুগুৰিহাট