/asomiyapratidin/media/media_files/2025/08/23/jammu-231-2025-08-23-10-57-59.jpg)
ডিজিটেল ডেস্কঃ নিষিদ্ধ ঘোষিত জামাত-ই-ইছলামীৰ দ্বাৰা পৰিচালিত হৈ অহা জম্মু কাশ্মীৰৰ ২১৫ খন বিদ্যালয়ৰ পৰিচালনাৰ দায়িত্ব ল’লে জম্মু কাশ্মীৰ চৰকাৰে। এই সন্দৰ্ভত জম্মু কাশ্মীৰৰ চৰকাৰৰে কয় যে, ২০১৯ চনত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জামাত-ই-ইছলামীক নিষিদ্ধ কৰাৰ পিছত তেওঁলোকৰ দ্বাৰা পৰিচালিত বিদ্যালয়সমূহ পৰিচালনা সমিতিবিহীন হৈ পৰে। ফলত ইয়াত অধ্যয়ন কৰা হাজাৰ হাজাৰ শিক্ষাৰ্থীৰো শৈক্ষিক জীৱনৰ প্ৰতি ভাবুকি নামি আহে। সেয়ে জম্মু কাশ্মীৰ চৰকাৰে এই বিদ্যালয়সমূহৰ শিক্ষাৰ্থীৰ ভৱিষ্যতৰ স্বাৰ্থত বিদ্যালয়সমূহ পৰিচালনাৰ দায়িত্ব গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছে।
এই সন্দৰ্ভত জম্মু কাশ্মীৰ চৰকাৰে এক নিৰ্দেশনাও জাৰি কৰিছে। এই নিৰ্দেশনাত জিলা দণ্ডাধীশসকলক বিদ্যালয়সমূহৰ পৰিচালনাৰ দায়িত্ব ল’বলৈ কৰ্তৃত্ব প্ৰদান কৰা হৈছে। এই সন্দৰ্ভত কাশ্মীৰৰ শিক্ষামন্ত্ৰী ছাকিনা ইটুৱে কয় যে, হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ সুৰক্ষাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। নিকটতম চৰকাৰী বিদ্যালয়ৰ অধ্যক্ষই এই বিদ্যালয়সমূহ পৰিচালনাৰ বাবে অনুমোদন জনাইছো।"
তাৰোপৰি শিক্ষা বিভাগৰ জ্যেষ্ঠ বিষয়াসকলে জনোৱা মতে, জামাতক নিষেধাজ্ঞা আৰোপ কৰাৰ পিছত প্ৰায় ৩০০ খন বিদ্যালয় স্কেনাৰৰ অধীনলৈ আহিছে। চোৰাংচোৱা সংস্থাসমূহৰ তদন্তৰ ভিত্তিত ৫০খন বিদ্যালয়ক ক্লিন চিট দিয়া হৈছিল। কিন্তু ২১৫খন বিদ্যালয়ৰ পৰিচালনা সমিতিৰ বিৰুদ্ধে বিৰূপ প্রতিবেদন আহিছিল৷
এক চৰকাৰী আদেশত উল্লেখ কৰা অনুসৰি অঞ্চলটোত চোৰাংচোৱা সংস্থাসমূহে কেইবাখনো বিদ্যালয় চিনাক্ত কৰিছে যিবোৰ নিষিদ্ধ সংগঠন জামাত-ই-ইছলামী/ফালাহ-ই-আম ট্ৰাষ্টৰ সৈতে প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত বুলি ধৰা পৰিছে। এনে ২১৫খন বিদ্যালয়ৰ পৰিচালনা সমিতিৰ বৈধতাৰ ম্যাদ উকলি গৈছে আৰু চোৰাংচোৱা সংস্থাসমূহে ইয়াৰ বিৰূপ বাতৰি প্ৰকাশ কৰিছে।"
সেই ২১৫খন বিদ্যালয়ৰ পৰিচালন সমিতিৰ দায়িত্ব সংশ্লিষ্ট জিলা দণ্ডাধীশ/ উপ আয়ুক্তই ল'ব, যিয়ে যথাযথভাৱে পৰীক্ষাৰ পিছত সংশ্লিষ্ট বিদ্যালয়সমূহৰ বাবে যথাসময়ত নতুন পৰিচালনা সমিতিৰ প্ৰস্তাৱ আগবঢ়াব। সংশ্লিষ্ট জিলা দণ্ডাধীশ/ উপ আয়ুক্তই এই বিদ্যালয়সমূহৰ দায়িত্ব লোৱাৰ সময়ত, বিদ্যালয় শিক্ষা বিভাগৰ সৈতে আলোচনা আৰু সমন্বয়ত উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিব যাতে এই বিদ্যালয়ত অধ্যয়ন কৰা শিক্ষাৰ্থীৰ শৈক্ষিক ভৱিষ্যতত কোনো বিৰূপ প্ৰভাৱ নপৰে।"