/asomiyapratidin/media/media_files/2026/01/28/11-2026-01-28-21-57-55.jpg)
ডিজিটেল সংবাদ, নলবাৰী : নলবাৰী জিলাৰ ৬৩ সংখ্যক জলখানা ভঠুৱাখানা মিলন সভা মহোৎসৱ বুধবাৰে সন্ধিয়া আনন্দ আৰু শুভময় পৰিৱেশত আৰম্ভ হয়। খ্যাতিমান ভূগোলবিদ, লেখক, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, নলবাৰীৰত্ন ড০ অৱনী কুমাৰ ভাগৱতীয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰি সভাৰ শুভাৰম্ভ কৰে।
জলখানা ভঠুৱাখানা গ্ৰামোন্নয়ন সমিতিৰ উদ্যোগত পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত এই উদ্দেশ্যে আয়োজিত উদ্বোধনী সভাত পৌৰোহিত্য কৰে সমিতিৰ সভাপতি নিৰঞ্জন পাটগিৰীয়ে। সভা উদ্বোধক ডঃ ভাগৱতীয়ে কয় যে মাঘ, ফাগুন মাহত অসমৰ অঞ্চল বিশেষে হোৱা সভাৰ লগত গ্ৰাম্য জীৱনৰ এৰাব নোৱৰা বিশেষ সম্পৰ্ক আছে।
এই সভাত গাঁৱৰ সংস্কৃতিৰ প্ৰতিফলন হয়। অসমীয়া সংস্কৃতি মূলতঃ গ্ৰাম্য সংস্কৃতি। গাঁৱৰ লোকেই যুগ যুগ ধৰি অসমীয়া সংস্কৃতিৰ সংৰক্ষণ আৰু সংবৰ্ধন কৰি আহিছে।
ভাষণ প্ৰসংগত বিশিষ্ট শিক্ষাবিদগৰাকীয়ে মানৱ জাতি তথা পৃথিৱীৰ মংগলৰ বাবে সকলোকে প্ৰকৃতি আৰু জীৱৰ প্ৰতি দয়াশীল হ’বলৈ আহ্বান জনায়। ইয়াৰ পূৰ্বে সন্ধিয়া গাঁওখনৰ প্ৰতিটো চুবুৰিৰ গোঁসাইৰ আসন তাল, খোল আৰু বিভিন্ন বাদ্য বজাই পুৰুষ, মহিলা, ল’ৰা, ছোৱালীয়ে নাম-প্ৰসংগ গাই আনি সভাথলীত স্থাপন কৰি বন্তি জ্বলোৱাৰ পাছতে হোৱা সভাখনত কটন বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ জ্ঞানেন্দ্ৰ বৰ্মনে নিৰ্দিষ্ট বক্তা হিচাপে ভাগ লৈ কৃষ্ণ তত্ত্ব, সনাতন হিন্দু ধৰ্মৰ প্ৰাসংগিকতা বিষয়ত ভাষণ প্ৰদান কৰে।
অসম সাহিত্য সভাৰ শ্ৰেষ্ঠ সংগঠক বঁটা প্ৰাপক তথা নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক পংকজ বেজবৰুৱা, জলখানা ভঠুৱাখানা গাঁও পঞ্চায়তৰ সভাপতি ডালিমী বৰ্মন, উপ সভাপতি সুৰেন কলিতা, জলখানা ভঠুৱাখানা গ্ৰামোন্নয়ন সমিতিৰ প্ৰাক্তন সভাপতি ডিম্বেশ্বৰ ডেকা আৰু কান্তেশ্বৰ কলিতাই সভাত অংশ লৈ সভাৰ তাৎপৰ্য সন্দৰ্ভত বক্তব্য আগবঢ়ায়। জলখানা ভঠুৱাখানা গ্ৰামোন্নয়ন সমিতিৰ প্ৰাক্তন সম্পাদক চৰণ লহকৰে আঁত ধৰা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰাৰ লগতে সম্পাদকীয় প্ৰতিৱেদন পাঠ কৰে সমিতিৰ সম্পাদক কনক চন্দ্ৰ ডেকাই।
সভাত অঞ্চলটোৰ বহুকেইগৰাকী কৃতী শিক্ষাৰ্থীক অভিনন্দন জ্ঞাপন
সভাত অঞ্চলটোৰ বহুকেইগৰাকী কৃতী শিক্ষাৰ্থীক অভিনন্দন জ্ঞাপন কৰাৰ উপৰি পঞ্চায়ত প্ৰতিনিধিক সম্ভাষণ জনায়।
আকৌ কালি পুৱাৰ ভাগত গ্ৰামোন্নয়ন সমিতিৰ সভাপতি নিৰঞ্জন পাটগিৰীয়ে পতাকা উত্তোনৰে সভাৰ কাৰ্যসূচীৰ পাতনি মেলাৰ পাছত শ্বহীদ বেদীত বন্তি জ্বলায় সমিতিৰ প্ৰাক্তন সম্পাদক চৰণ লহকৰে, মাল্যাৰ্পণ কৰে সমাজকৰ্মী সুৰেন্দ্ৰ নাথ কলিতাই, স্মৃতি বেদীত বন্তি জ্বলায় জলখানা ভঠুৱাখানা হাইস্কুলৰ প্ৰধান শিক্ষক ৰূপম কলিতাই, মাল্যাৰ্পণ কৰে জলখানা ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ৰ চিকিৎসক ডাঃ ভাৰ্গৱ কলিতাই, গছপুলি ৰোপণ কৰে ক্ৰমে জলখানা ভঠুৱাখানা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰিয়নাথ ডেকা আৰু সমগ্ৰ শিক্ষাৰ জিলা আঁচনি বিষয়া প্ৰণৱজ্যোতি কলিতাই, বিশ্বশিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধা নিবেদন কৰে জলখানা ভঠুৱাখানাসাহিত্য সভাৰ সভাপতি কান্তেশ্বৰ কলিতাই।
ইয়াৰ পাছত জলখানা ভঠুৱাখানা সাহিত্য সভাৰ পৰিচালনাত চিত্ৰাংকন প্ৰতিযোগিতা, দুপৰীয়া শিশুৰাম পাঠক ন্যাসৰ পৰিচালনাত সাধু বা কাহিনী কোৱা প্ৰতিযোগিতাত আকাশবাণী গুৱাহাটীৰ অনুষ্ঠান কাৰ্যবাহী চন্দ্ৰিমা শৰ্মা আৰু বিশিষ্ট কাৰ্টুনিষ্ট নৱপ্ৰতীম দাসে অংশ লয়। নিশালৈ উত্তৰ পূৰ্বাঞ্চল গৱেষণা কেন্দ্ৰৰ জ্যেষ্ঠ বৈজ্ঞানিক ডঃ দিপুল কলিতাই মুকলি কৰা সাংস্কৃতিক অনুষ্ঠানত গায়ক প্ৰিত্যুস হালৈ আৰু জুৰিমা জুমনে গীত পৰিৱেশন কৰে। পৰৱৰ্তী কেইদিনত হোম-যজ্ঞ, ঢুলীয়া প্ৰদৰ্শন, যত্ৰাদলৰ নাট প্ৰদৰ্শন আদিৰ দিহা কৰা হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us