/asomiyapratidin/media/media_files/2026/02/07/jalali-2026-02-07-19-34-48.jpg)
ডিজিটেল ডেস্কঃ ড০ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰাৰ পাছৰে পৰা অসমৰ বিভিন্ন স্থানত অবৈধ ভূমি বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলাই আহিছে। শেহতীয়াকৈও এক বিশেষ সম্প্ৰদায়ৰ লোকক ৰিক্সা ভাড়া ৫ টকা হ’লে ৪ টকা দিব লাগে, মই জীয়াই থকালৈকে এই সম্প্ৰদায়ৰ লোকক শান্তিত থাকিবলৈ নিদিও আদি মন্তব্য কৰা দেখা গৈছে মুখ্যমন্ত্ৰীগৰাকীক।
ইয়াৰপাছতে মুখ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি এই সম্প্ৰদায়ৰ লোকৰ ক্ষোভ চূড়ান্ত পৰ্যায় পাইছেগৈ। অবৈধ বেদখল উচ্ছেদ, বহুবিবাহ তথা বাল্য বিবাহ ৰোধ আদি বিভিন্ন কামৰ পাছত মুখ্যলমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আঁতৰোৱাৰ পৰিকল্পনাত ব্যিস্ত হৈ পৰিছে এটা চক্ৰ। মুখ্যবমন্ত্ৰীৰ চাৰিওফালে থকা নিৰাপত্তা বেষ্টনী ভেদ কৰিব নোৱাৰি এতিয়া অলৌকিক প্ৰথাৰ সহায় লৈছে এই চক্ৰই।
গোৱালপাৰাৰ বলধমাৰি মছজিদৰ ইমাম হাফিজ আশ্বিকুৰ ৰহমান আৰু তেওঁৰ সহযোগী হাফিজ ইছমাইল হুছেইনৰ নেতৃত্বত আয়োজন কৰা হৈছে এই অলৌকিক আৰু গুপ্ত প্ৰক্ৰিয়া। ইছলামিক বিশ্বাসমতে জালালি খটম সম্পূৰ্ণ হ’লে মুখ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিভিন্ন কাৰণৱশত মৃত্যু হোৱাটো নিশ্চিত। চলিত বৰ্ষৰ ৩০ জানুৱাৰীত কৰা এই জালালি খটম প্ৰক্ৰিয়া নিৰ্বাচনৰ আগতে মুঠ ৭৮৬ বাৰ কৰা হ’ব পাৰে বুলি খবৰ লাভ কৰা হৈছে।
এতিয়া জানি লওঁ আহক জালালি খটমৰ অৰ্থ কি?
ইছলামিক বিশ্বাস মতে যিকোনো কামৰ শীঘ্ৰেই ফল লাভৰ বাবে কৰা এক প্ৰথাই হৈছে জালালি খটম। অতি কঠোৰ নীতি-নিয়মৰ দ্বাৰা কৰা এই জালালি খটম ক’লা যাদু আদিতকৈও ভয়াৱহ বুলি কোৱা হয়। কিছুমান নিৰ্দিষ্ট আৰবী চুড়া বাৰে বাৰে পাঠ কৰি কেঁচাবুট আৰু অন্যি বিভিন্ন সামগ্ৰী আগবঢ়াই চয়তানক সন্তুষ্ট কৰাৰ এক অলৌকিক প্ৰক্ৰিয়াই হৈছে জালালি খটম।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us