বিশুদ্ধ খোৱা পানী যোগান আঁচনি উদ্বোধন মন্ত্ৰী যোগেন মহনৰ...

author-image
Asomiya Pratidin
New Update
বিশুদ্ধ খোৱা পানী যোগান আঁচনি উদ্বোধন মন্ত্ৰী যোগেন মহনৰ...

মথুৰাপুৰ

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰা জল জীৱন মিছনৰ অধীনৰ মহমৰা সমষ্টিৰ বৰ মথুৰাপুৰত নিৰ্মাণ কৰি উলিওৱা বিশুদ্ধ খোৱা পানী যোগান আচঁনিখন দেওবাৰে অনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয় ৷ বৰ মথুৰাপুৰ কৃষিপাম গাঁৱত নিৰ্মাণ কৰি উলিওৱা বিশুদ্ধ খোৱা পানী যোগান আচঁনিখন আজি অনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে অসম চৰকাৰৰ মন্ত্ৰী যোগেন মহনে ।

Advertisment

প্ৰায় ১ কোটি ২৬ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা এই বিশুদ্ধ খোৱা পানী যোগান আঁচনি জৰিয়তে স্থানীয় ৰাইজক যথেষ্ট উপকৃত কৰিব বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। এই উদ্বোধনী অনুষ্ঠানত চৰাইদেউ জিলা উপায়ুক্ত পল বৰুৱাৰ লগতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়াসকলো উপস্থিত থাকি বক্তব্য আগবঢ়াই ৷

সভাত গাঁও পঞ্চায়তৰ সভাপতি আৰু অন্যান্য বিষয়ববীয়াসকলকে ধৰি ভালে সংখ্যক স্থানীয় ৰাইজ উপস্থিত থাকে।

mathurapur