গৌৰীপুৰত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

বিজেপি চৰকাৰে জল জীৱন মিছন আঁচনি মাথোঁ ধন ঘটাৰ আহিলা হিচাপে ব্যৱহাৰ কৰাৰ অভিযোগ কংগ্রেছৰ।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ ৰাজ্যত জল জীৱন মিছন আঁচনি ৰূপায়ণত বিফল হোৱাৰ অভিযোগ তুলি গৌৰীপুৰত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ।বিজেপি চৰকাৰে জল জীৱন মিছন আঁচনি মাথোঁ ধন ঘটাৰ আহিলা হিচাপে ব্যৱহাৰ কৰাৰ অভিযোগ কংগ্রেছৰ।

উল্লেখ্য যে, গৌৰীপুৰ বিধানসভা সমষ্টিৰ আটানী ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত আটানী ৰাজীৱ ভৱনত কংগ্ৰেছ কৰ্মী সকলে কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনি জল জীৱন মিছন আঁচনি ৰাজ্যত ৰূপায়ন কৰাৰ ক্ষেত্ৰত অসম চৰকাৰ বিফল আৰু ব্যৰ্থ হোৱাৰ  অভিযোগ উত্থাপিত কৰাৰ লগতে আঁচনি খন পুনৰ কাৰ্য্যক্ষম কৰাৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । বিজেপি চৰকাৰৰ হায় হায়, জল জীৱন মিছন ব্যৰ্থ আঁচনি আদি বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

প্ৰতিবাদত অংশগ্ৰহণ কৰে গোলোকগঞ্জ বিধানসভা সমষ্টি ৰ কংগ্ৰেছী বিধায়ক সুবহান আলী সৰকাৰ লগতে ব্লক কংগ্ৰেছৰ সভাপতি মোস্তাফিজুৰ ৰহমান আৰু কেইবা শতাধিক কংগ্ৰেছ দলৰ বিভিন্ন পৰ্যায়ৰ নেতা কৰ্মী।

কংগ্ৰেছ গৌৰীপুৰ