/asomiyapratidin/media/media_files/2025/08/20/jal-jeevan-20-2025-08-20-17-57-38.jpg)
ডিজিটেল সংবাদ ঢকুৱাখনা: জনস্বাস্থ্য বিভাগৰ জল জীৱন মিছনৰ কাম কৰি জীৱন বিপৰ্যস্ত হৈছে একাংশ থলুৱা ঠিকাদাৰৰ। বছৰৰ পূৰ্বে আবন্তিত আঁচনি সঠিক ৰূপায়ন কৰিও নিজৰ প্ৰাপ্য ধন লাভ কৰা নাই জলজীৱনৰ ঠিকাদাৰে।
সেয়ে এইবাৰ গৰজি উঠিছে প্ৰাপ্য বঞ্চিত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ঠিকাদাৰ সংস্থা। বিভাগটোৰ ঘিলামৰা সংমণ্ডলৰ অন্তৰ্গত পঞ্জীভূত ঠিকাদাৰসকলে বছৰ বছৰ পূৰ্বে বিভাগৰ জলজীৱন মিছনৰ আঁচনি ৰূপায়ন কৰিও অদ্যপি প্ৰাপ্য পুঁজি লাভ নকৰি অৱশেষত গণতান্ত্ৰিক আন্দোলনৰ পথ বাছি ললে।
বুধবাৰে দুপৰীয়া ঘিলামৰা সংমণ্ডলটোৰ প্ৰবঞ্চিত ঠিকাদাৰসকলে বিভাগীয় সংমণ্ডল কাৰ্য্যালয়ৰ সন্মুখত দুঘণ্টা ধৰি অৱস্থান কাৰ্যসূচী গ্ৰহণ কৰে। প্ৰধানকৈ ঘিলামৰা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দ্বাৰা ৰূপায়িত জলজীৱন মিছন আঁচনিৰ কাম সম্পূৰ্ণ কৰাৰ পাছতো বিগত প্ৰায় ২১ মাহ ধৰি বিভাগে প্ৰাপ্য পুঁজি ঠিকাদাৰসকলক মোকোলাই নিদিয়া, ঠিকাদাৰসকলৰ বিপৰীতে কৰ্তন কৰি ৰখা অতিৰিক্ত জি এছ টিৰ ধন ঠিকাদাৰসকলক শীঘ্ৰে প্ৰদান কৰা, আঁচনি ৰূপায়ণৰ নতুন এছ অ’ পি বাতিল কৰা, সকলো ঠিকাদাৰক কামৰ বিপৰীতে প্ৰাপ্য পুঁজি তৎকালে আদায় দিয়া আদি দাবী উত্থাপন কৰে প্ৰতিবাদকাৰী ঠিকাদাৰসকলে।
প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰ পাছতে প্ৰাপ্য বঞ্চিত ঠিকাদাৰসকলে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিভাগীয় মুখ্য অভিযন্তালৈ দুখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ঘিলামৰা সংমণ্ডলৰ জৰিয়তে আৰু তাৎক্ষণিকভাৱে দাবীসমূহ পূৰণৰ অন্তিম সকীয়নী প্ৰদান কৰে।