মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ বহিল বিজেপি, অগপ দলৰে ঠিকাদাৰৰূপী নেতা-কৰ্মী

ঠিকাদাৰসকলে বিগত প্ৰায় এবছৰ ধৰি চৰকাৰৰ পৰা প্ৰাপ্য অনাদায় ধন বিচাৰি অনুনয়-বিনয় কৰিছে যদিও আজিলৈকে সুফল লাভ কৰা নাই ৷ ফলত পানীত হাঁহ নচৰা অৱস্থা হৈছে এইসকল ঠিকাদাৰৰ ৷

author-image
Asomiya Pratidin
New Update
মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ বহিল বিজেপি, অগপ দলৰে ঠিকাদাৰৰূপী নেতা-কৰ্মী

ডিজিটেল সংবাদ,কলিয়াবৰঃ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ অধীনৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কলিয়াবৰ সংমণ্ডলত জলজীৱন মিছনৰ বিভিন্ন আঁচনিৰ কাম কৰাৰ বাবদ অনাদায় হৈ থকা প্ৰাপ্য ধন বিচাৰি আজি ঠিকাদাৰ সন্থাৰ লগতে খোদ বিজেপি আৰু মিত্ৰজোঁট অগপ দলৰ একাংশ নেতাই চৰকাৰ বিৰোধী ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰা কাৰ্যই সাম্প্ৰতিক সময়ত বিশেষ তাৎপৰ্য বহন কৰিছে ৷

Advertisment

তথ্য অনুসৰি কলিয়াবৰ সংমণ্ডলত জলজীৱন মিছনৰ মুঠ আঁচনিৰ সংখ্যা আছিল ৩০৩ খন ৷ ইয়াৰে ২৭০ খন আঁচনি ১০০ শতাংশ সম্পূৰ্ণ হৈ উঠাৰ বিপৰীতে ৭০ খন আঁচনিৰ কাম ৮০ শতাংশ সম্পূৰ্ণ হৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এলিফেণ্ট ক’ৰিডৰত ৫ খন আঁচনি পৰাৰ বাবে এই কাম আৰম্ভ কৰাত জটিলতা আহি পৰিছে।

ইতিমধ্যে সম্পূৰ্ণ হোৱা আঁচনিসমূহৰ পৰা মুঠ ৭৯,৮৭৩ গৰাকী হিতাধীকাৰী উপকৃত হৈছে ৷ কিন্তু অতি পৰিতাপৰ বিষয় যে কাগজে-কলমে মুঠ ৯৮ গৰাকী যদিও পৰোক্ষভাৱে প্ৰায় ২৭০ গৰাকী সৰু-ডাঙৰ ঠিকাদাৰ জড়িত হৈ থকা এই আঁচনিসমূহৰ বাবদ চৰকাৰৰ অনাদায়ী হৈ আছে মুঠ ৩৫ কোটি ৮০ লাখ টকাৰো অধিক ধন ৷

ফলত সংশ্লিষ্ট বিভাগটোৰ ঠিকা কৰি কোনোমতে জীৱন নিৰ্বাহ কৰি থকা কলিয়াবৰৰ ঠিকাদাৰসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ৷ জলজীৱন মিছনৰ আঁচনিত অধিকাংশ কাম সম্পূৰ্ণ কৰাৰ পিছতো বিলৰ ধন আদায় নোপোৱা  এই ঠিকাদাৰসকলে বিগত প্ৰায় এবছৰ ধৰি চৰকাৰৰ পৰা প্ৰাপ্য অনাদায় ধন বিচাৰি অনুনয়-বিনয় কৰি আছে যদিও আজিপৰ্য্যন্ত কোনো সুফল লাভ কৰা নাই ৷ ফলত পানীত হাঁহ নচৰা পৰিস্থিতিৰ সৃষ্টি হৈছে এইসকল ঠিকাদাৰৰ ৷

চৰকাৰৰ ঘৰৰ পৰা অনাদায়ী ধন আদায়ৰ দাবীত বুধবাৰে কলিয়াবৰত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদত বহিল শাসকীয় পক্ষৰ ভালেসংখ্যক নেতা-কৰ্মী। শাসকীয় বিজেপি আৰু অগপ দলৰ ভালেকেইজন নেতা-কৰ্মীয়ে অৱস্থান ধৰ্মঘটত বহি তুলিলে অনাদায়ী ধন আদায়ৰ দাবী। প্ৰকৃততে জলজীৱন মিছনৰ ঠিকাদাৰৰ ৰূপত প্ৰতিবাদত বহিল শাসকীয় পক্ষৰ নেতা-কৰ্মীসকল।

অসমৰ ভিন্ন প্ৰান্তৰ ঠিকাদাৰ সকলৰ লগতে চৰকাৰৰ বিৰুদ্ধে অৱস্থান ধৰ্মঘটত বহিল কলিয়াবৰ জিল বিজেপি দলৰ কাৰ্যনিৰ্বাহক ৰঞ্জন হাজৰিকা,বিজেপিৰ কলিয়াবৰ জিলা মণ্ডলৰ সাধাৰন সম্পাদক তুষান্ত কলিতা,মিত্ৰজোট অসম গণ পৰিষদ দলৰ কলিয়াবৰ বিধান পৰিষদৰ সাধাৰন সম্পাদক নৱ বৰা,সাংগঠনিক সম্পাদক সমীৰ ভূঞা, প্ৰচাৰ সম্পাদক পৰাগ বৰদলৈ,অগপৰ ভাতৃ সংগঠন কলিয়াবৰ জিলা যুৱ পৰিষদ সহকাৰী  সাধাৰন সম্পাদক দুলাল বৰা,মণ্ডল পৰিষদৰ সভাপতি কৃষ্ণ ৰাম হাজৰিকা প্ৰমুখ্য কেইবাগৰাকীও নেতা-কৰ্মীয়ে ৷

ইয়াৰ পিছতে ঠিকাদাৰ সন্থাই প্ৰতিবাদস্থলী  জনস্বাস্থ্য কাৰিকৰী বিভাগ কলিয়াবৰ সংমণ্ডল কাৰ্যালয়ৰ পৰা পদব্ৰজে প্ৰতিবাদী শ্ল’গানৰে আকাশ -বতাহ মুখৰিত কৰি কলিয়াবৰ সমজিলা কাৰ্যালয়ত উপস্থিত হৈ সম-জিলা আয়ুক্তৰ জৰিয়তে মূখ্যমন্ত্ৰীলৈ এখনি দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷ উল্লেখ্য যে, বিগত প্ৰায় ২ বছৰ ধৰি আঁচনিৰ অনাদায়ী ধন মোকলাই নিদিয়াৰ ফলত বহু ঠিকাদাৰৰ মাটি-সম্পত্তি বাজেয়াপ্ত কৰিবলৈ আগবাঢ়িছে ঋণ প্ৰদানকাৰী বেংক প্ৰতিষ্ঠান।

এই বিষয় সন্দৰ্ভত ঠিকাদাৰ সকলে কয়- আমাক শীঘ্ৰে ধন মোকলাই দিয়ক,আমা ঘৰ বাজেয়াপ্ত কৰাৰ নটিছ আহিছে ৷ আমাৰ হাতত বৰ্তমান কোনো বিকল্প নাই ৷ অন্যথা আমি গৃহহীন হ’ব লাগিব ৷

ইয়াৰ পিছতো ঠিকাদাৰসকলৰ ধন মোকলাই দিয়াৰ ক্ষেত্ৰত আশ্বাস প্ৰদান কৰিব পৰা নাই বিভাগীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। উপায়ন্তৰ ঠিকাদাৰসকলে এতিয়া বিষয়টোত হস্তক্ষেপ দাবী কৰিছে মুখ্যমন্ত্ৰীৰ। জলজীৱনৰ অনাদায়ী ধন মোকলাই দিয়াৰ দাবীত অন্যান্যসককৰ লগতে  নিজ দলৰ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদত  শাসকীয় অগপ-বিজেপি দলৰ একাংশ নেতা-কৰ্মীও বহা বিষয়টোৱে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷

এই বিষয় প্ৰসংগত দক্ষ মন্ত্ৰী ৰূপে সততে নিজকে জাহিৰ কৰিব বিচৰা জয়ন্তমল্ল বৰুৱাৰ বিভাগটোৰ ফোপোলা স্বৰূপটোকে উন্মোচন ঘটোৱা নাই নে বাৰু বুলি সচেতন মহলে প্ৰশ্ন উত্থাপন কৰিছে ৷

কলিয়াবৰ প্ৰতিবাদ জল জীৱন মিছন