/asomiyapratidin/media/media_files/2025/10/28/ujjjdd-2025-10-28-13-35-00.jpg)
ডিজিটেল ডেস্কঃ এক ভয়ংকৰ ঘটনা। ৰাজস্থানৰ জয়পুৰত সংঘটিত হৈছে এই ঘটনাতো। শ্ৰমিক ভৰ্তি এখন বাছত হঠাতে সূত্ৰপাত হোৱা অগ্নিকাণ্ডৰ ফলত দুগৰাকী শ্ৰমিক অগ্নিদগ্ধ হৈ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে ১২গৰাকী শ্ৰমিকৰ অৱস্থা বৰ্তমান সংকটজনক।
ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, জয়পুৰৰ মূল চহৰৰ পৰা প্ৰায় ৬৫কিলোমিটাৰ নিলগত মনোহৰপুৰ এলেকাত সংঘটিত হৈছে এই ঘটনা। শ্ৰমিক ভৰ্তি বাছখনত আছিল ৫-৬টা চিলিণ্ডাৰ। বাছখনত অগ্নিকাণ্ড সূত্ৰপাত হোৱাৰ পাছতে বিস্ফোৰিত হয় বাছখনত থকা চিলিণ্ডাৰ কেইটা।
চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ পাছে সম্পূৰ্ণৰূপে জ্বলি ছাৰখাৰ হয় বাছখন। সংকটজনক অৱস্থাত হস্পাতালত ভৰ্তি হৈ থকা ১২শ্ৰমিকৰ ভিতৰত বহুকেইজনৰ অৱস্থা অতিকৈ সংকটজনক। মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভৱনা আছে।
এই সমগ্ৰ ঘটনাক লৈ শোক প্ৰকাশ কৰিছে ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজনলাল শৰ্মাই। মৃতকৰ আত্মাৰ সদগতিৰ লগতে আহতসকলৰ চিকিতসাৰ বাবে সকলোখিনি কাৰ্যপন্থা গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/29/2025-10-29t133617762z-ap-new-dfdfbdfbgfdgfgfgfgf-2025-10-29-19-06-18.png)
Follow Us