/asomiyapratidin/media/media_files/2026/01/30/jhikfhksehfi-2026-01-30-11-10-28.jpg)
ডিজিটেল সংবাদ, গুৱাহাটীঃ জাগৰণ সাহিত্য প্ৰকাশনৰ সৌজন্যত সদৌ অসম ভিত্তিত এখন পাণ্ডুলিপি প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। প্ৰতিযোগিতাৰ বিষয়সমূহ হৈছে চুটিগল্প, অণুগল্প, কবিতা, উপন্যাস, প্ৰবন্ধ, শিশু সাহিত্য, অনুবাদ সাহিত্য, জীৱনী, গৱেষণা সাহিত্য আৰু অন্যান্য ( গ্ৰন্থৰ বাবে বিবেচিত হ'ব পৰা যিকোনো বিষয়ৰ পাণ্ডুলিপি )।
এই প্ৰতিযোগিতাখন সকলোৰে বাবে মুকলি আৰু প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা সকলোকে পুৰস্কাৰ বিতৰণৰ দিনা প্ৰায় পোন্ধৰশ টকা দামৰ গ্ৰন্থ উপহাৰ হিচাপে দিয়া হ'ব। আনহাতে, প্ৰতিযোগীসকলে লেখাৰ শেষত "পাণ্ডুলিপিটো গ্ৰন্থ আকাৰে প্ৰকাশৰ বাবে অনুমতি প্ৰদান কৰা হ'ল" বুলি লেখিব লাগিব আৰু এজন প্ৰতিযোগীয়ে সৰ্বাধিক চাৰিটা বিষয়ৰ পাণ্ডুলিপি জমা দিব পাৰিব।
এই পাণ্ডুলিপি হাতেৰে লেখা, পেজমেকাৰত ডিটিপি কৰা বা সাধাৰণভাবে মোবাইল ফোনত লেখা যিকোনো ধৰনেই জমা দিব পাৰিব। প্ৰতিযোগিতাখনত যোগদানৰ অন্তিম তাৰিখ : ২৮|০৩|২০২৬ আৰু পাণ্ডুলিপি প্ৰেৰণৰ বাবে হোৱাটচএপ নম্বৰ ৮৬৩৮১৫৩১২৬
আনহাতে, ডাকযোগে প্ৰেৰণৰ বাবে ঠিকনাঃ
জাগৰণ সাহিত্য প্ৰকাশন পাণ্ডুলিপি প্ৰতিযোগিতা
মাৰফৎ : ৰূপজ্যোতি দেৱনাথ
মেঘমল্লাৰ , শেৱালী পথ , হাতীগাওঁ
গুৱাহাটী :৭৮১০৩৮
এই প্ৰতিযোগিতাৰ বিজয়ীসকলক দ্বিতীয় জাগৰণ সাহিত্য উৎসৱত নগদ ধন, গ্ৰন্থৰ টোপোলা আৰু মানপত্ৰৰে পুৰস্কৃত কৰা হ'ব। উল্লেখ্য যে, প্ৰতিযোগিতাখনৰ ভৰ্তি মাচুল ১৫০০ টকা। সবিশেষ তথ্যৰ বাবে প্ৰতিযোগীসকলে জাগৰণ সাহিত্য প্ৰকাশনৰ লগত ৮৬৩৮১৫৩১২৬ নম্বৰত পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰিব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us