/asomiyapratidin/media/media_files/2025/11/30/2-2025-11-30-12-48-39.jpg)
ডিজিটেল সংবাদ,জাগীৰোডঃ সাত ডিচেম্বৰত এদিনীয়া কাৰ্যসূচীৰে জাগীৰোড কলামন্দিৰ প্ৰেক্ষাগৃহত জাগীৰোড নাট্য গোষ্ঠীৰ নাট উৎসৱ আৰু গ্রন্থ উন্মোচনী সভাৰ আয়োজন কৰা হয়। উক্তদিনা বিয়লি চাৰি বজাৰ পৰা গ্রন্থ উন্মোচনী সভাত জাগীৰোডৰ নাট্য ,ইতিহাস সম্বলিত 'নাটক আৰু জাগীৰোড নাট্য ইতিহাস' শীর্ষক এখন গৱেষণা ধর্মী গ্ৰন্থ জাগীৰোড নাট্য গোষ্ঠীৰ দ্বাৰা প্ৰকাশ কৰা হ'ব। গ্ৰন্থখন উন্মোচন কৰিব সাহিত্য অকাডেমী বঁটা প্রাপক, বিশিষ্ট গল্পকাৰ ডাঃ অপূর্ব কুমাৰ শইকীয়াই। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব বিশিষ্ট সমাজসেৱক ক্ৰমে দিলীপ কুমাৰ মজুমদাৰ আৰু অপূর্ব ডেকা।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/30/whatsapp-image-2025-11-30-12-47-27.jpeg)
নাটকৰ ইতিহাস ৰচি সুদীর্ঘ জীৱন নাট্য ক্ষেত্ৰকৈ আগবঢ়োৱা অৱদানৰ বাবে নাট্যকাৰ তৰুণ অলুকদাৰক জাগীৰোড নাট্য গোষ্ঠীৰ নাট উদযাপন সমিতিয়ে ২০২৫ ৰ "নাট্য সম্ৰাট" উপাধি প্রদান কৰাৰ লগতে বিশেষ সম্বৰ্ধনা আগবঢ়াব। আনহাতে সন্ধ্যা পাঁচ বজাত জাগীৰোড নাট্য গোষ্ঠীয়ে পৰিৱেশন কৰিব বিশিষ্ট নাট্যকাৰ তৰুণ তালুকদাৰৰ ৰচনা আৰু পৰিচালনাৰে নাটক' সম্রাট চৌধুৰী' মঞ্চস্থ হ'বলগীয়া নাট উদ্বোধন কৰিব বিশিষ্ট নাট্যকাৰ অভিনেতা, নাট সমালোচক হিল্লোল কুমাৰ পাঠকে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/30/whatsapp-image-2025-11-30-12-47-46.jpeg)
নাট উদ্বোধনৰ প্রাকমুহূর্তত জাগীৰোডৰ তিনি গৰাকী বৰেণ্য ব্যক্তি প্ৰয়াত পদ্মকান্ত ডেকা, অনিমা নেওগ আৰু অপূর্ব বৰকাকতিৰ সোঁৱৰণত নাট্য উৎসৱ উৎসর্গা কৰি স্মৃতিচাৰণ কৰা হ'ব। এই স্মৃতিচাৰণৰ সৈতে সংগতি ৰাখি নমস্য ব্যক্তি কেইগৰাকীৰ প্রতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰিব। বন্তি প্রজ্বলন কৰিব জাগীৰোড উন্নয়ন প্ৰাধিকৰণৰ সভাপতি দিব্যজিৎ নেওগ, যুগপ্রসাদ ডেকা আৰু জ্যোতি বৰকাকতিয়ে। অনুষ্ঠানত সকলোৰে উপস্থিতি কামনা কৰিছে জাগীৰোড নাট্য গোষ্ঠীৰ নাট উদযাপন সমিতিয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us