/asomiyapratidin/media/media_files/2025/10/23/1-2025-10-23-23-12-10.jpg)
ডিজিটেল সংবাদ,বাইহাটা চাৰিআলিঃ ৰাজ্যখনৰ অন্যতম সংবাদ প্ৰতিষ্ঠান সাদিন-প্ৰতিদিন গোষ্ঠীৰ সাদিন কাকতৰ নিয়মীয়া কৰ্মচাৰী হিচাবে প্ৰায় দুটা দশকতকৈয়ো অধিক কাল ডি টি পি অপাৰেটৰ হিচাবে সেৱা আগবঢ়াই অহা বাইহাটা চাৰিআলিৰ জগদীশ কলিতাৰ আজি সন্ধিয়া প্ৰায় ৬-৩৯ বজাত আকস্মিক বিয়োগ ঘটে।
মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল প্ৰায় ৬০ বছৰ। আজি সন্ধিয়াৰ ভাগত নিজ বাসগৃহৰ পৰা বাইহাটা চাৰিআলিলৈ বুলি ওলায় আহি মঙলদৈ পথৰ কাষত হঠাতে কলিতাই ঢলি পৰে। লগে লগে প্ৰত্যক্ষদৰ্শীয়ে কলিতাক নিকটবৰ্তী এখন ব্যক্তিগত খণ্ডৰ হাস্পতাললৈ লৈ যায় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।
মৃত্যুৰ সময়ত কলিতাই তেওঁৰ বৃদ্ধামাতৃ, পত্নী, এগৰাকী কন্যা আৰু দুই পুত্ৰকে ধৰি অসংখ্য গুণমুগ্ধক ইহসংসাৰত এৰি থৈ যায়। জগদীশ কলিতা বাইহাটা চাৰিআলি ৰুৰেল লাইব্ৰেৰী, বাইহাটা চাৰিআলি শতদল সাহিত্য সভা, অসম সাহিত্য সভাৰ আজীৱন সভ্যৰ লগতে বাইহাটা চাৰিআলিৰ প্ৰায়বোৰ সামাজিক সাংস্কৃতিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত নিবিড়ভাবে জড়িত হৈ আছিল।
অতি নিষ্ঠাৰে সাদিন প্ৰতিদিনত সেৱা আগবঢ়োৱা জগদীশ কলিতাই একেধাৰে বহু নিবিন্ধ, গল্প কবিতা আদিও লিখিছিল। তেওঁৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে অসংখ্য গুণমুগ্ধই তেওঁৰ বাসগৃহত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰে।
অতি অমায়িক তথা সৰবৰহী লোক হিচাপে পৰিচিত জগদীশ কলিতাই বাইহাটা চাৰিআলি অঞ্চলত শৈক্ষিক আৰু সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰখনত বিশেষ অৱদান আগবঢ়াই আহিছিল। কাইলৈ দিনৰ ভাগত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ’ব বুলি জানিব পৰা গৈছে।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us