চৰকাৰী আৱাস খালী কৰিলে জগদীপ ধনখড়ে...

পূৰ্বৰ উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ে খালী কৰিলে তেওঁৰ চৰকাৰী আৱাস। সম্প্ৰতি দক্ষিণ দিল্লীৰ ছত্ৰপুৰত অৱস্থিত এটা ব্যক্তিগত ফাৰ্মহাউচলৈ স্থানান্তৰ কৰিছে ধনখড়ে।

author-image
Asomiya Pratidin
New Update
hbghugyugf7

ডিজিটেল ডেস্কঃ পূৰ্বৰ উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ে খালী কৰিলে তেওঁৰ চৰকাৰী আৱাস। সম্প্ৰতি দক্ষিণ দিল্লীৰ ছত্ৰপুৰত অৱস্থিত এটা ব্যক্তিগত ফাৰ্মহাউচলৈ স্থানান্তৰ কৰিছে ধনখড়ে। গদাইপুৰ অঞ্চলত অৱস্থিত এই ফাৰ্মহাউচটো অভয় চৌটালাৰ। 

বিশেষ সূত্ৰই সদৰি কৰা অনুসৰি, এই ব্যৱস্থা কেৱল অস্থায়ী। উপৰাষ্ট্ৰপতি পদৰ পৰা অৱসৰ লোৱাৰ পিছত ধনখড়ক টাইপ-৮ শ্রেণীৰ এটা চৰকাৰী আবাস প্ৰদান কৰা হ’ব। সেয়া নোহোৱা পৰ্যন্ত তেওঁ ছত্ৰপুৰৰ এই ব্যক্তিগত ফাৰ্মহাউচত থাকিব। এই সময়ছোৱাত ধনখড়ে পৰিয়ালৰ সৈতে সময় কটাইছে। আজৰি সময়ত তেওঁ টেবুল টেনিছ খেলে আৰু যোগ কৰে বুলি জানিব পৰা গৈছে। 

উল্লেখযোগ্য যে, জগদীপ ধনখড়ে বিগত ২১ জুলাইত স্বাস্থ্যজনিত কাৰণত উপৰাষ্ট্ৰপতিৰ পদৰ পৰা ইস্তফা দিছিল। তেতিয়াৰে পৰা তেওঁ ৰাজনৈতিক আৰু ৰাজহুৱা কাৰ্যকলাপৰ পৰা আঁতৰি আছে। ইয়াৰ আগলৈকে তেওঁ সংসদ ভবনৰ ওচৰত অৱস্থিত উপৰাষ্ট্ৰপতিৰ বাসভৱনত আছিল। ২০২৭ চনৰ ১০ আগষ্টলৈকে তেওঁৰ কাৰ্যকাল আছিল যদিও পদত্যাগ কৰাৰ পিছত পুনৰ উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচিত হ’ব। 

জগদীপ ধনখড়