দিলীপ শইকীয়াৰ নেতৃত্বত ৰাজ্যিক বিজেপিৰ কৰ্ণধাৰ সমিতি গঠন

সমিতিখনত আছে সভাপতি দিলীপ শইকীয়া, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাষ্ট্ৰীয় সম্পাদক কামাখ্যা প্ৰসাদ তাছা, কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, প্ৰাক্তন সভাপতি ৰণজিৎ কুমাৰ দাস,ভৱেশ কলিতা।

author-image
Asomiya Pratidin
New Update
দিলীপ শইকীয়াৰ নেতৃত্বত ৰাজ্যিক বিজেপিৰ কৰ্ণধাৰ সমিতি গঠন

ডিজিটেল ডেস্কঃ  ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰকাশ নাড্ডাৰ অনুমোদন মৰ্মে বৃহস্পতিবাৰে দলৰ অসম প্ৰদেশৰ কৰ্ণধাৰ সমিতি ঘোষণা কৰা হয়। সভাপতি দিলীপ শইকীয়াৰ নেতৃত্বত গঠন কৰা হয় কৰ্ণধাৰ সমিতিখন।

Advertisment

এই সমিতিখনত আছে সভাপতি দিলিপ শইকীয়া, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাষ্ট্ৰীয় সম্পাদক কামাখ্যা প্ৰসাদ তাছা, কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, প্ৰাক্তন সভাপতি ৰণজিৎ কুমাৰ দাস,ভৱেশ কলিতা।

WhatsApp Image 2025-08-28 at 2.16.10 PM

কৰ্ণধাৰ সমিতিখনত লগতে আছে উপ সভাপতি অশোক ভট্টৰায়, ৰেখাৰাণী দাস বড়ো, মুন স্বৰ্ণকাৰ, সাংগঠনিক সাধাৰণ সম্পাদক ৰবিন্দ্ৰ ৰাজু, সাধাৰণ সম্পাদক দিপ্লুৰঞ্জন শৰ্মা,পল্লৱ লোচন দাস, ঋতুপৰ্ণ বৰুৱা, অনুপ বৰ্মন। লগতে সমিতিত আছে মন্ত্ৰী অশোক সিংহল,ৰণোজ পেগু আৰু প্ৰাক্তন উপ সভাপতি ৰাজদ্বীপ ৰয়। সমিতিখনত বিশেষভাৱে আমন্ত্ৰিত সদস্য সকল ক্ৰমে ৰাজ্যিক প্ৰভাৰী হৰিশ দ্বিবেদী,সমন্বয়ক ড০ সম্বিত পাত্ৰ আৰু ভি মুৰলিধৰণ।

WhatsApp Image 2025-08-28 at 2.16.11 PM

উল্লেখ কৰা প্ৰয়োজন যে, আজি ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই বিজেপিৰ অসম প্ৰদেশৰ অনুশাসন সমিতিখনৰো ঘোষণা কৰে। সমিতিখনৰ সদস্য সকল ক্ৰমে, অধ্যক্ষ কনাড পুৰকায়স্থ, সদস্য সচিব পুলক গোঁহাই,সদস্য ক্ৰমে কুইন ওজা,বিজন মহাজন,হিমানী অধিকাৰী।

সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দিলীপ শইকীয়া