‘জাফা’ৰ কামৰূৰ মহানগৰ সমিতিৰ মুকলি সভা আৰু বিশেষ সম্বৰ্ধনা অনুষ্ঠান...

সাংবাদিক সকল সমাজৰ এক অবিচিন্ন অংগ। সমাজৰ প্ৰতিটো ঘটনা আৰু সমস্যাই স্পৰ্শ কৰে সাংবাদিকৰ মন-মগজুত। সাংবাদিকে সেই সকলোবোৰ কলম-কেমেৰাৰ  যোগেদি সমাজখনৰ কন্ঠ হৈ থিয় দিয়ে। এনে কৰিবলৈ যাওঁতে সাংবাদিকসকল যথেষ্ট প্ৰত্যাহ্বানৰো

New Update
new ap web 1.jpg (1)

ডিজিটেল ডেস্কঃ সাংবাদিক সকল সমাজৰ এক অবিচিন্ন অংগ। সমাজৰ প্ৰতিটো ঘটনা আৰু সমস্যাই স্পৰ্শ কৰে সাংবাদিকৰ মন-মগজুত। সাংবাদিকে সেই সকলোবোৰ কলম-কেমেৰাৰ  যোগেদি সমাজখনৰ কন্ঠ হৈ থিয় দিয়ে। এনে কৰিবলৈ যাওঁতে সাংবাদিকসকল যথেষ্ট প্ৰত্যাহ্বানৰো সন্মুখীন হৈছে। সমাজৰ নিপীড়িতজনৰ কন্ঠ হৈ সন্মুখৰ মাত দিয়াটো সাংবাদিক এজন প্ৰধান আৰু প্ৰাথমিক কৰ্তব্য- জাফাৰ কামৰূপ মহানগৰ জিলা সমিতিয়ে আয়োজন কৰা এক বিশেষ অনুষ্ঠানত সাংবাদিকৰ কৰ্তব্য আৰু দায়িত্ব বিষয়ে এনেদৰে কয় অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তই।

3928f931-ad6d-4f83-91ae-b329a0ddd1af

উল্লেখ্য যে, ৰাজ্যৰ সাংবাদিক, সংবাদকৰ্মীৰ উমৈহতীয়া মঞ্চ "জার্নেলিষ্ট এছ'চিয়েচন ফৰ আছাম (জাফা) ৰ কামৰূপ মহানগৰ জিলা সমিতিৰ উদ্যোগত অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত দেওবাৰে অনুষ্ঠিত হৈছিলল মুকলি সভা আৰু  বিশেষ সম্বর্ধনা অনুষ্ঠান।

WhatsApp Image 2026-02-08 at 7.18.24 PM (1)

গাম্ভীৰ্যপূৰ্ণ এই অনুষ্ঠানটোত অসমৰ পৰম্পাৰগত গীত-নৃত্যৰ লগতে সংবাদক্ষেত্ৰলৈ অৱদান আগবঢ়োৱা বহুকেইগৰাকী সাংবাদিকক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।  দৈনিক অসম কাকতৰ ডেপুটি চীফ অৱ ব্যু'ৰো জিতেন্দ্ৰ কুমাৰ চৌধুৰী, অসমীয়া প্ৰতিদিন কাকতৰ জ্যেষ্ঠ ৰাজনৈতিক ব্যু'ৰো পৰম প্ৰকাশ গগৈ, এন ডি-২৪ ৰ জেষ্ঠ আউট পুট এডিটৰ সঞ্জীৱ প্ৰকাশ,  এন বি নিউজৰ কাৰ্যবাহী সম্পাদক শান্তনু মহন্তক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে জাফাই। 

WhatsApp Image 2026-02-08 at 7.18.24 PM

গামোচা, প্ৰশস্তি পত্ৰ, স্মাৰক, ফুলাম জাঁপিৰ লগতে এটা গছ পুলিৰে সন্মানীত কৰা হয়স এই সকলৰ বটাঁপ্ৰাপকক। জাফাৰ কামৰূপ মহানগৰ জিলা সমিতিৰ সভাপতি মনোজ কুমাৰ ডেকা আৰু কমল বৰাই আত ধৰা অনুষ্ঠানত ৰাজ্যৰ সামাজিক-সাহিত্য-সংস্কৃতি আদিকে ধৰি আন সৃষ্টিশীল ক্ষেত্ৰত ব্যুৎপত্তি অৰ্জন কৰা আন কেইবাগৰাকী ব্যক্তিকো সম্বৰ্ধনা জনোৱা হয় এই অনুষ্ঠানত।

WhatsApp Image 2026-02-08 at 7.18.25 PM

গীত-মাত-নৃত্যৰে মুখৰিত দিনজোৰা বৰ্ণাঢ্য অনুষ্ঠানটোৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰা হয়। ইয়াৰ পিছতে অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে অনুষ্ঠানটোত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলে। মুকলি অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকে প্ৰথিতযশা স্নায়ুৰোগ বিশেষজ্ঞ ডা০ বসন্ত কুমাৰ বৈশ্য, অসমীয়া প্ৰতিদিন কাকতৰ সহযোগী সম্পাদক প্ৰকাশ মহন্ত, প্ৰথম খবৰৰ মুখ্য সম্পাদক প্ৰণয় বৰদলৈ, অসম ডাউন টাউন বিশ্ব বিদ্যালয়ৰ উপাচাৰ্য এন চি তালুকদাৰ, নুমলীগড় শোধানাগাৰৰৰ জেষ্ঠ প্ৰবন্ধক, প্ৰশাসক অনিল ডেকা, বিশিষ্ট চিকিৎসক ডাঃ হীৰেন কলিতা, জেষ্ঠ সাংবাদিক নৱ ঠাকুৰীয়া, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰাক্তন সচিব তথা আধ্যাত্মিক বক্তা চবিন ৰাজখোৱা, জাফা'ৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি অভিদ্বীপ চৌধুৰী,  কাৰ্যকৰী সভাপতি পংকজ ডেকা,  সম্পাদক প্ৰধান কুঞ্জ মোহন ৰায় আদিকে ধৰি কেন্দ্ৰীয় সমিতিৰ বিষ়ববীয়া সকল। 

WhatsApp Image 2026-02-08 at 7.18.23 PM (1)

সম্বৰ্ধনা গ্ৰহণ কৰি ‘অসমীয়া প্ৰতিদিন’ৰ জেষ্ঠ ৰাজনৈতিক ব্যু ৰো চীফ পৰম প্ৰকাশ গগৈয়ে কয়-  সাংবাদিকতাৰ জৰিয়তে সত্যৰ অনুসন্ধান কেৱল এটা চাকৰি নহয়, ই সমাজৰ প্ৰতি এক পবিত্ৰ কৰ্তব্য, গভীৰ দায়বদ্ধতাহে। সাংবাদিক সমাজৰ সদায়কণ্ঠহীনজনৰ সাহসী কণ্ঠ হোৱা উচিত। সাংবাদিক কেতিয়াও পৰিস্থিতিৰ দাস হ’ব নালাগে, সাংবাদিক সুচিন্তিত আৰু সুপৰিকল্পিতসিদ্ধান্তৰ ফচল হ’ব লাগে।কাৰণ সাংবাদিকতা কেৱল এটা পেছা নহয়,  ই এক হৃদয়ৰ আহ্বান হ'ব লাগে বুলি অনুভৱ কৰো। ক্ষমতাক জবাবদিহি কৰা আৰু সমাজৰ আটাইতকৈ অন্ধকাৰ কোনবোৰত পোহৰ ছটিওৱাৰ মহান দায়িত্ব থাকে সাংবাদিকৰ ওপৰত। এজন সাংবাদিক কণ্ঠহীনৰ কণ্ঠ হব লাগিব, কণ্ঠহীনসকলৰ জগতখনত নিজকে বিলীন কৰাৰ মানসিকতা তৈয়াৰ কৰিব লাগিব সাংবাদিকসকলে। সাংবাদিকতাক কেৰিয়াৰ হিচাপে ল’ব বিচৰা উদীয়মান যুৱ মনবোৰক বাধা দিব নালাগে, হতাশ হ’ব নালাগে। বৰঞ্চ তেওঁলোকক মই কম সাংবাদিকতাক প্ৰত্যাহ্বান হিচাপে লওক, দায়িত্ব হিচাপে লওক, সাহসেৰে মাত মাতক।

4e532ad2-8dee-4ad8-9098-0e7d646e9430

সম্বৰ্ধনা জ্ঞাপন, বক্তব্যৰ মাজে মাজে অনুষ্ঠানটোত তেজস্বী তালুকদাৰৰ পৰিচালনাত সত্ৰীয়া নৃত্য, কুমুদ ডেকাৰ বাঁহীবাদন, জনপ্ৰিয় নৃত্যশিল্পী অজয় মালাকাৰৰ পৰিচালনাত বাৰেৰহনীয়া সাত ভনীৰ অনুষ্ঠানে মুগ্ধ কৰে সকলোকে। অনুষ্ঠানটো সুচাৰুৰূপে অনুষ্ঠিত হোৱাৰ ক্ষেত্ৰত সকলোৰে সহযোগিতাৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে জাফাৰ কামৰূপ মহানগৰ জিলা সমিতিৰ সভাপতি মনোজ কুমাৰ ডেকাই। শলাগৰ শৰাই আগবঢ়াই সভাপতি গৰাকীয়ে আগন্তুক সময়ত অধিক দায়ৱদ্ধতাৰে সমাজৰ সমস্যা নিৰ্মূলকৰণৰ বাবে জাফাই কাম কৰি যাব বুলিও বক্তব্যত উল্লেখ কৰে।