/asomiyapratidin/media/media_files/2026/02/24/whatsapp-image-2026-02-24-11-30-17.jpeg)
ডিজিটেল ডেস্কঃ মঙলবাৰে পুৱা দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ভাৰতীয় যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি উদয় ভানুক। ভাৰত এ আই ইমপেক্ট ছামিটৰ সময়ত যুব কংগ্ৰেছে সাব্যস্ত কৰা প্ৰতিবাদৰ পাছতে আৰক্ষীয়ে নেতাগৰাকীক গ্ৰেপ্তাৰ কৰিছে। খন্তেক সময়ৰ পাছত উদয় ভানুক আদালতত হাজিৰ কৰোৱাৰ সম্ভাৱনা আছে।
জানিব পৰা মতে, আজি পুৱা প্ৰায় ৪:৩০ বজাত দিল্লী আৰক্ষীয়ে উদয় ভানুক আটক কৰিছিল। আৰক্ষীয়ে সোধা-পোছাৰ বাবে তেওঁক তিলক মাৰ্গ থানালৈ মাতি আনিছিল। পিছে কিছু সময় পূৰ্বে দীঘলীয়া জেৰাৰ অন্তত নেতাগৰাকীক আৰক্ষীয়ে আনুষ্ঠানিকভাৱে গ্ৰেপ্তাৰ কৰিছে।
ইফালে, আৰক্ষীয়ে দাবী কৰা অনুসৰি, প্ৰতিবাদ সম্পৰ্কীয় সকলো তথ্য নেতাগৰাকীৰ হাতত আছিল। এই প্ৰতিবাদৰ পৰিকল্পনাত যুৱ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। আৰক্ষীয়ে লগতে উল্লেখ কৰে যে, উদয় ভানুৱে জেৰাৰ সময়ত সহযোগ কৰা নাছিল। বেছিভাগ প্ৰশ্নকে তেওঁ এৰাই চলিছিল।
আনহাতে, আৰক্ষীৰ সূত্ৰ অনুসৰি, উদয় ভানুৰ বিৰুদ্ধে আৰক্ষীয়ে পৰ্যাপ্ত প্ৰমাণ পোৱাৰ পাছতহে তেওঁক গ্ৰেপ্তাৰ কৰিছে । উদয় ভানুৰ বাবে আৰক্ষীৰ ৰিমাণ্ড বিচৰা হ’ব বুলি সূত্ৰই প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে, ভাৰত এ আই ইমপেক্ট ছামিটৰ সময়ত সাব্যস্ত কৰা প্ৰতিবাদৰ পাছতে আৰক্ষীয়ে এই পৰ্যন্ত যুৱ কংগ্ৰেছৰ ৮জন নেতা-কৰ্মীক গ্ৰেপ্তাৰ কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us