জুবিন গাৰ্গৰ আদ‍্যশ্ৰাদ্ধ পৰ্যন্ত উদ্দাম নৃত‍্য-গীতৰ অনুষ্ঠান নাপাতিবলৈ সকীয়নি অসম সেনাৰ

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ পাছত সমগ্ৰ অসমৰ জনসাধাৰণ শোকত ভাগি পৰিছে। প্ৰত্যেকেই নিজৰ পৰিয়ালৰ এজন সদস্য হেৰুওৱাৰ দৰে অনুভৱ কৰিছে।

author-image
Asomiya Pratidin
New Update
428

ডিজিটেল সংবাদ, গুৱাহাটী : প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ পাছত সমগ্ৰ অসমৰ জনসাধাৰণ শোকত ভাগি পৰিছে। প্ৰত্যেকেই নিজৰ পৰিয়ালৰ এজন সদস্য হেৰুওৱাৰ দৰে অনুভৱ কৰিছে।

এনে প্ৰেক্ষাপটত অসমৰ একাংশ ডিস্ক’, বাৰ, পাব্ আদিয়ে ডি.জে নাইটৰ দৰে উদ্দাম নৃত‍্য-গীতৰ অনুষ্ঠান আয়োজন কৰা পৰিলক্ষিত হৈছে। এনে অনুষ্ঠান বাতিল কৰিবলৈ অসম সেনাই দৃঢ়তাৰে দাবী জনাইছে।

অসম সেনাৰ মুখ‍্য আহ্বায়ক বিজয় শংকৰ বৰদলৈয়ে এই সম্পৰ্কত সদৰী কৰি কয় যে, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত‍্যুৱে ৰাজ‍্যজুৰি মানুহক অস্থিৰ কৰি তুলিছে। জুবিন গাৰ্গৰ মৃত‍্যুৰ তদন্তৰ দাবী কৰিছে। তেনে প্ৰেক্ষাপটত অসমতে বেপাৰ কৰি থকা একাংশ ডিস্ক’, পাব জাতীয় প্ৰতিষ্ঠানে উদ্দাম নৃত‍্য-গীতৰ অনুষ্ঠান আয়োজন কৰিছে। এইয়া সহ‍্য কৰা নহ’ব।

জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ পাৰ নোহোৱালৈকে অসমত এনেধৰণৰ বিজতৰীয়া অনুষ্ঠানৰ আয়োজনত নিষেধাজ্ঞা জাৰি কৰিবলৈ অসম চৰকাৰক দাবী জনাই অসম সেনাই। এই দাবীৰে ২৬ ছেপ্তেম্বৰত সকলো জিলা আয়ুক্তক অসম সেনাই স্মাৰক পত্ৰ প্ৰদান কৰিব।

এনে অনুষ্ঠানৰ আয়োজক সকললৈয়ো অসম সেনাৰ স্পষ্ট সকীয়নি- এই শোকৰ পৰিৱেশৰ প্ৰতি সংবেদনশীল হৈ এনে অনুষ্ঠান বাতিল কৰক। চৰকাৰে এইক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে। অন্যথা অসম সেনাই অসমৰ ৰাইজৰ সহযোগত এনে অনুষ্ঠান বন্ধ কৰিবলৈ বাধ্য হ'ব।

জুবিন গাৰ্গ