লাভত নহয়, লোকচান ভৰিহে এন আৰ এলে বাংলাদেশক দি আছে হাই- স্পীড ডিজেল...

ভাৰত- বাংলাদেশৰ মাজত বন্ধুত্ব আৰু সু-সম্পৰ্ক স্থাপনৰ লক্ষ্যৰে এটা সময়ত বহু সিদ্ধান্ত আৰু চুক্তি দুয়োখন দেশৰ মাজত স্বাক্ষৰিত হৈছিল। সেই চুক্তি অনুসৰিয়েই নুমলীগড় শোধনাগাৰৰ পৰা আজিও চুবুৰীয়া দেশখনলৈ নিয়মীয়াকৈ যোগান ধৰা হয় হাই-স্পীড ডিজেল

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-12-19 at 1.37.18 PM

ডিজিটেল ডেস্ক : ভাৰত- বাংলাদেশৰ মাজত বন্ধুত্ব আৰু সু-সম্পৰ্ক স্থাপনৰ লক্ষ্যৰে এটা সময়ত বহু সিদ্ধান্ত আৰু চুক্তি দুয়োখন দেশৰ মাজত স্বাক্ষৰিত হৈছিল। সেই চুক্তি অনুসৰিয়েই নুমলীগড় শোধনাগাৰৰ পৰা আজিও চুবুৰীয়া দেশখনলৈ নিয়মীয়াকৈ যোগান ধৰা হয় হাই-স্পীড ডিজেল। 

এই ডিজেল যোগানৰ বাবদ নুমলীগড় শোধনাগাৰে এতিয়ালৈকে ২০০ কোটিৰো অধিক ধন হেৰুৱাব লগা হৈছে। সেই কথা লুকুৱাই ৰাখি বাংলাদেশৰ শেহতীয়া ৰাজনৈতিক উত্থানৰ পূৰ্বে দুই দেশৰ মাজত স্বাক্ষৰিত চুক্তি অনুসৰি এই ডিজেল যোগান আজিও অৱ্যাহত আছে।

দেশখনলৈ দুটা মাধ্যমেৰে এন আৰ এল( নুমলীগড় শোধনাগাৰ)এ হাই স্পীড ডিজেল যোগান ধৰি আহিছে। তাৰে এটা হৈছে- ইণ্ডিয়া- বাংলাদেশ ফ্ৰেইণ্ডশ্বিপ পাইপলাইন আৰু আনটো হৈছে- ৰে’লযোগে। এটা ৰে’লৰ ৰেকট ২,২৮১টন হাই স্পীড ডিজেল এন আৰ এলে শিলিগুড়ি মাৰ্কেটিং টানেলৰ পৰা প্ৰেৰণ কৰে।

৪২টা ৱেগনত যায় সেই তেল। এন আৰ এল আৰু বি পি চি( বাংলাদেশ পেট্ৰ’লিাম ক’ৰ্পাৰেচন)ৰ মাজত হোৱা চুক্তি মতে মুঠ ৫১৬ কিলোমিটাৰ দৈৰ্ঘ্য পথ অতিক্ৰম কৰি শিলিগুড়িৰ পৰা সেই ডিজেল বাংলাদেশৰ পাৰ্বতীপুৰলৈ কঢ়িয়াই নিয়া হয়।

এই ৰে’লপথৰ ২৫৩ কিলোমিটাৰ ভাৰতৰ অন্তৰ্গত আৰু ১৬৩ কিলোমিটাৰ পথ বাংলাদেশৰ অন্তৰ্গত। প্ৰতি বছৰে এন আৰ এলে ৬০ হাজাৰ বেৰলৰো অধিক তেল বাংলাদেশক প্ৰদান কৰি আহিছে। ২০২৩-২৪ বৰ্ষত এন আৰ এলে বাংলাদেশক দিয়া হাই- স্পীড ডিজেলৰ মুঠ পৰিমাণ আছিল ৩৮ টি এম টি। ২০২৪-২৫ বৰ্ষত সেই ডিজেলৰ পৰিমাণ হৈছিল গৈ ৭৯ টি এম টি। 

এইখিনিতে মন কৰিব লগা যে, বাংলাদেশত প্ৰতিলিটাৰ হাই- স্পীড ডিজেলৰ মূল্য ১০৪ টাকা। আনহাতে ভাৰতত ইয়াৰ গড় মূল্য ৮২ৰ পৰা ৯৬ টকা প্ৰতিলিটাৰত। সাধাৰণতে এই ইন্ধন উৎপাদকাৰীসকলৰ পৰা প্ৰতিলিটাৰৰ বিনিময়ত কেন্দ্ৰীয় চৰকাৰে ১০ টকা এক্সাইছ টেক্স সংগ্ৰহ কৰে। 

বাংলাদেশক তেল যোগান ধৰাৰ বাবদ ভাৰত চৰকাৰে এন আৰ এলক তেল টেক্স ৫০ শতাংশ ৰেহাই দিয়াৰ বাবেহে কোনোমতে কাৰ্যতঃ লোকচান নেদেখুওৱা কৈ এন আৰ এলে এই তেল যোগান অৱ্যাহত ৰাখিব পাৰিছে। বিদেশী ৰাষ্ট্ৰলৈ এনে ইন্ধনজাত সামগ্ৰী যোগান ধৰাৰ বিনিময়ত ভাৰত চৰকাৰে নিজৰ ৰাজহো হেৰুৱাইছে। 

তাৰ পাছতো পূৰ্বৰ বন্ধু ৰাষ্ট্ৰ আৰু বৰ্তমান শাসক সলনি হৈ পৰাৰ পাছত শত্ৰু ৰাষ্ট্ৰলৈ পৰিণত হোৱা বাংলাদেশলৈ এনে হাই- স্পীড ডিজেল যোগান প্ৰক্ৰিয়াটোৱে এক ভালুকৰসাঙীত পৰিণত হৈছে বুলি চৰ্চা চলিছে। 

ইফালে এন আৰ এলত ইথান’ল উৎপাদনৰ এক প্ৰকল্প খোদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দ্বাৰাই উদ্বোধন কৰা হৈছে। সেই ইথান’ল প্ৰকল্পত এতিয়া নিয়মীয়াকৈ উৎপাদনৰ কাম চলি থকা নাই। অথচ এই প্ৰকল্পৰ বাবে কেইবাশ কোটি টকা ব্যয় কৰা হৈছে। চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বাবেই এন আৰ এলৰ দৰে লাভত থকা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ বাবে যিকোনো মুহূৰ্ততে আহিব পাৰে তীব্ৰ ভাবুকি।

এন আৰ এল