উৎক্ষেপণৰ কিছু সময় পাছতেই PSLV-C62 সৈতে বিচ্ছিন্ন সংযোগ

এই মিছনৰ সৈতে বিশেষভাৱে জড়িত আছিল লাচিত-১ নামৰ কৃত্ৰিম উপগ্ৰহটো, যাক অসম তথা উত্তৰ-পূবৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ হিচাপে গণ্য কৰা হয়।

author-image
ৰিম্পী গগৈ
New Update
WhatsApp Image 2026-01-12 at 11.57.38 AM

ডিজিটেল ডেস্কঃ ভাৰতীয় অন্তৰীক্ষ গৱেষণা সংস্থা ISROৰ PSLV-C62/EOS-N1 মিছনত বিসংগতি ঘটাৰ খবৰ পোহৰলৈ আহিছে। কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণৰ কেইমিনিটমান পাছতেই উপগ্ৰহসমূহৰ সৈতে সংযোগ বিচ্ছিন্ন হোৱা বুলি সংবাদমেলৰ জৰিয়তে জানিবলৈ দিয়ে ISROৰ অধ্যক্ষ ড° ভি. নাৰায়ণনে।

সোমবাৰে পুৱা ১০.১৮ বজাত শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা সফলভাৱে উৎক্ষেপণ কৰা হৈছিল কৃত্ৰিম উপগ্ৰহ কঢ়িওৱা PSLV-C62 ৰকেট। এই ৰকেটে মূল উপগ্ৰহ EOS-N1ৰ লগতে ১৫টা দেশী-বিদেশী উপগ্ৰহ কঢ়িয়াই লৈ গৈছিল। উৎক্ষেপণৰ প্ৰাথমিক পৰ্যায় সফলভাৱে সম্পন্ন হ’লেও পৰৱৰ্তী সময়ত কাৰিকৰী বিসংগতিয়ে অভিযানত ব্যাঘাত জন্মায়।

ISROৰ অধ্যক্ষ ড° ভি. নাৰায়ণনে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে যে, উৎক্ষেপণৰ পাছৰ এটা বিশেষ পৰ্যায়ত উপগ্ৰহৰ সৈতে যোগাযোগ বিচ্ছিন্ন হয়। ঘটনাটোৰ কাৰণ অনুসন্ধানৰ বাবে ISROৰ বিজ্ঞানীসকলে ইতিমধ্যে বিস্তৃত তথ্য বিশ্লেষণ কৰা আৰম্ভ কৰিছে। মিছনৰ প্ৰতিটো পৰ্যায়ৰ তথ্য খতিয়ান কৰি বিসংগতিৰ মূল কাৰণ উন্মোচনৰ চেষ্টা চলি আছে বুলি তেওঁ জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে, এই মিছনৰ সৈতে বিশেষভাৱে জড়িত আছিল লাচিত-১ নামৰ কৃত্ৰিম উপগ্ৰহটো, যাক অসম তথা উত্তৰ-পূবৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ হিচাপে গণ্য কৰা হয়। এই উপগ্ৰহটোৱে অসম আৰু উত্তৰ-পূবৰ বিজ্ঞান-প্ৰযুক্তি ক্ষেত্ৰত এক নতুন অধ্যায় সূচনা কৰিব বুলি আশা কৰা হৈছিল।

গুৰুত্বপূৰ্ণ বিষয়টো হ’ল, এই লাচিত-১ উপগ্ৰহ নিৰ্মাণ প্ৰকল্পত অসমৰ ছাত্ৰ-ছাত্ৰীসকলৰ সক্ৰিয় অংশগ্ৰহণ। বিশেষকৈ অসম ডন বস্ক’ বিশ্ববিদ্যালয়ৰ প্ৰায় ৫০গৰাকী ছাত্ৰ-ছাত্ৰী এই উপগ্ৰহৰ ডিজাইন, নিৰ্মাণ আৰু পৰীক্ষণ প্ৰক্ৰিয়াত জড়িত আছিল। এই প্ৰকল্পই অসমীয়াৰ প্ৰতিভা আৰু প্ৰযুক্তিগত সক্ষমতাক ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰাৰ এক উল্লেখযোগ্য দৃষ্টান্ত হিচাপে পৰিগণিত হৈছে।

PSLV-C62 মিছনে যদিও কাৰিকৰী সমস্যাৰ সন্মুখীন হ’ল, তথাপিও এই অভিযানক ভাৰতীয় অন্তৰীক্ষ যাত্ৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ প্ৰয়াস হিচাপে বিবেচনা কৰা হৈছে। বিশেষকৈ উত্তৰ-পূবৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণৰ প্ৰয়াসে নতুন প্ৰজন্মক বিজ্ঞান আৰু মহাকাশ গৱেষণাৰ ক্ষেত্ৰত অনুপ্ৰাণিত কৰিব বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে।

ISROয়ে জনোৱা মতে, বিশ্লেষণ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছত বিসংগতি সম্পৰ্কীয় বিস্তৃত তথ্য অচিৰেই ৰাজহুৱা কৰা হ’ব। লগতে আগন্তুক দিনত এই ধৰণৰ অভিযানত অধিক সতর্কতা আৰু উন্নত প্ৰযুক্তি ব্যৱহাৰৰ কথাও সংস্থাই উল্লেখ কৰিছে।

উল্লেখযোগ্য যে LACHIT-1 উপগ্ৰহ উৎক্ষেপণৰ জৰিয়তে অসম আৰু উত্তৰ-পূবৰ বাবে এক নতুন বৈজ্ঞানিক দিগন্ত মুকলি হোৱাৰ আশা জাগ্ৰত হৈছিল। এই অভিযান অসমীয়াৰ বাবে এক গৌৰৱৰ ক্ষণ হিচাপে চিৰদিন স্মৰণীয় হৈ থাকিব

isro